পৰিয়ালসহ কাজিৰঙালৈ আহি আকস্মিক মৃত্যু পৰ্যটকৰ!

নেচনেল ডেস্ক

 

কাজিৰঙাত পৰিয়ালসহ ফুৰিবলৈ আহি হঠাতে মৃত্যু মুখত পৰে কলকাতাৰ এজন পৰ্যটক ৷ যোৱা ২১ মাৰ্চৰ পৰা কাজিৰঙাৰ চৰকাৰী পৰ্যটক নিবাস ‘অৰণ্য’ত পৰিয়ালসহ বাহৰ পাতি আছিল স্বপন কুমাৰ ভট্টাচাৰ্য নামৰ প্ৰায় ৭১ বছৰীয়া পৰ্যটকগৰাকীয়ে ৷ ঘটনা সন্দৰ্ভত কাজিৰঙা পৰ্যটন বিভাগৰ কৰ্তৃপক্ষই জানোৱা মতে বৃহস্পতিবাৰে দুপৰীয়া আহাৰ গ্ৰহন কৰি থকা অৱস্থাত পৰ্যটক গৰাকী হঠাৎ অসুস্থ হৈ পৰিছিল। ইয়াৰ পাছতো লজটোৰ কৰ্মচাৰী সকলৰ পৰামৰ্শ নামানি জীপ ছাফাৰীলৈ গৈছিল বয়োজেষ্ঠ পৰ্যটক গৰাকী। জীপ ছাফাৰী কৰি সন্ধিয়া লজত উপস্থিত হোৱাৰ পাছতে তেওঁ পুনৰ অসুস্থ হৈ পৰাত ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় যদিও চিকিৎসকে মৃত ঘোষনা কৰে। পৰিয়ালৰ লোকে লজটোৰ কৰ্তৃপক্ষক জনোৱা মতে মৃত পৰ্যটক গৰাকী ইতিপূৰ্বে একাধিক ৰোগত আক্ৰান্ত আছিল ।।

You might also like
Leave A Reply

Your email address will not be published.