বলীউডৰ ‘পৰিণীতা’খ্যাত প্ৰদীপ সৰকাৰৰ দেহাৱসান

নেচনেল ডেস্ক:

ছেইফ আলী খান আৰু বিদ্যা বালানৰ অভিনীত ছুপাৰহিট ছবি ‘পৰিনীতা’খ্যাত পৰিচালক প্ৰদীপ সৰকাৰৰ আজি পুৱা দেহাৱসান ঘটে। ৬৭ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে চলচ্চিত্ৰ পৰিচালক গৰাকীয়ে। আজি পুৱা ৩.৩০ বজাত পৰলোক প্ৰাপ্তি ঘটে প্ৰদীপ সৰকাৰৰ। এক টুইটযোগে এই বিষয়ে সদৰি কৰিলে বলীউডৰ আন এগৰাকী ছবি নিৰ্মাতা হান্সাল মেহতাই।

প্ৰদীপ সৰকাৰে পৰিচালনা কৰা বলীউডৰ ছবিসমূহৰ মাজত ‘পৰিনীতা’, ‘হেলিকপ্টাৰ ইলা’, ‘লাগা চুনাৰী মে দাগ: জাৰ্নি অৱ এ ৱমেন’, ‘লাফাংগে পৰিন্দে’, ‘মৰ্দানী’ আদি অন্যতম।
তেওঁৰ আকস্মিক মৃত্যুৰ খবৰে চলচিত্ৰ উদ্যোগটোক শোকস্তব্ধ কৰি তুলিছে। অৱশ্যে তেওঁৰ মৃত্যুৰ কাৰণ বৰ্তমানলৈকে নিশ্চিত হোৱা নাই। আজি পুৱা ৩ মান বজাত তেওঁ অসুস্থ হৈ পৰাত চিকিত্‍সালয়লৈ লৈ যোৱা হয় যদিও চিকিত্‍সালয়তে তেওঁৰ মৃত্যু ঘটে বুলি জানিব পৰা গৈছে।

বিগত সময়চোৱাত ‘নীল সমন্দৰ’ (২০১৯), ‘Forbidden Love’ (২০২০) আৰু ‘Kaisi Paheli Zindagani’ (২০২১)ৰ দৰে প্ৰজেক্টত কাম কৰি অহা প্ৰদীপ সৰকাৰে শেহতীয়াকৈ অভিভাৱক আৰু সন্তানৰ মাজৰ বয়সৰ আধাৰত এখন ছবি নিৰ্মাণৰ পৰিকল্পনা কৰিছিল। বলীউডৰ শীৰ্ষ পৰিচালকসকলৰ ভিতৰত প্ৰদীপ সৰকাৰকো অন্যতম হিচাপে গণ্য কৰা হৈছিল। তেওঁ কেৱল এগৰাকী পৰিচালকেই নহয়, লেখক ৰূপেও সমাদৃত আছিল। ছবিলৈ অহাৰ পূৰ্বে প্ৰদীপ সৰকাৰে বহু বছৰ বিজ্ঞাপনৰ জগতত কাম কৰিছিল।।

You might also like
Leave A Reply

Your email address will not be published.