আজি ২৫ মাৰ্চ

▶️আজি গ্ৰীচৰ স্বাধীনতা দিৱস।
▶️১৮৯৪ চনৰ আজিৰ দিনটোতেই সাহিত্যিক গুণাভিৰাম বৰুৱাৰ মৃত্যু হৈছিল।
▶️১৮৯৮ চনৰ এই দিনটোতেই ভগ্নী নিবেদিতাৰ (প্ৰকৃত নাম মাৰ্গাৰেট এলিজাবেথ নোবেল) স্বামী বিবেকানন্দৰ শিষ্যত্ব গ্ৰহণ।
▶️১৯১৪ চনৰ এই দিনটোতেই ফৰাচী কবি ফ্ৰেডেৰিক মিষ্টালৰ মৃত্যু হৈছিল। ১৯০৪ চনত তেওঁ সাহিত্যৰ নোবেল বঁটা লাভ কৰিছিল।
▶️১৯৪০ চনৰ আজিৰ দিনটোতেই সাহিত্যিক-ঔপন্যাসিক ৰজনীকান্ত বৰদলৈৰ মৃত্যু ঘটিছিল।
▶️১৯৬৯ চনৰ আজিৰ দিনটোতেই পাকিস্তানৰ ৰাষ্ট্ৰপ্ৰধান আয়ুব খানক খ্যমতাচ্যুত কৰা হৈছিল।
▶️১৯৮১ চনৰ আজিৰ দিনটোতেই বাংলা দৈনিক ‘আজকাল’ৰ প্ৰথম প্ৰকাশ।
▶️১৯৯১ চনৰ এই দিনটোতেই ১৯৯১ চনৰ ভাৰতৰ লোকপিয়লৰ প্ৰাথমিক তথ্য প্ৰকাশ। সেই অনুসৰি ভাৰতৰ জনসংখ্যা আছিল ৮৪,৩৯,৩০,৮৬১ গৰাকী।
▶️১৯৯৭ চনত জে এছ বাৰ্মা ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ পদত অধিষ্ঠিত হৈছিল। ১৯৯৮ চনৰ ১৭ জানুৱাৰীলৈকে তেওঁ এই পদত কাৰ্যনিৰ্বাহ কৰিছিল।
▶️১৯৯৯ চনৰ আজিৰ দিনটোতেই জ্ঞানপীঠ বঁটা বিজয়ী বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ উপন্যাস ‘মৃত্যুঞ্জয়’ৰ নায়ক মহদা গোঁসাইৰ মৃত্যু হৈছিল।
▶️২০০৪ চনৰ আজিৰ দিনটোতেই শান্তিনিকেতনৰ পৰা কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ নোবেল বঁটা চুৰি হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.