এইবাৰ মুম্বাইত ‘নিৰ্ভয়া’ কাণ্ডৰ পুণৰাবৃত্তি!

নেচনেল ডেস্ক:

হাৰাষ্ট্ৰৰ পালঘৰ জিলাত চাঞ্চল্যকৰ ঘটনা। সন্ধিয়া প্ৰেমিকৰ সৈতে খোজ কাঢ়িবলৈ ওলাই অহা এগৰাকী যুৱতীক উপৰ্যুপৰি ধৰ্ষণ কৰে দুই যুৱকে।আৰক্ষীয়ে জনোৱা অনুসৰি, দুই যুৱকে প্ৰেমিকহালক অকলশৰে দেখি কাষচাপি গৈ যুৱতীগৰাকী আৰু তাইৰ প্ৰেমিকক ভাবুকি দিছিল। পিছত, দুই যুৱক আৰু প্ৰেমিকৰ মাজত তৰ্কা-তৰ্কি আৰম্ভ হৈ গুৰুতৰ ৰূপ লোৱাত প্ৰেমিকজনে দুই যুৱকক এটা খালী বিয়েৰৰ বটলৰে আঘাত কৰে।ফলত দুই যুৱকে প্ৰেমিকজনক আৱদ্ধ কৰি এজোপা গছত বান্ধি থৈ আহে। তাৰপিছতেই ২২ আৰু ২৫ বছৰীয়া দুই যুৱকে যুৱতীগৰাকীক এটা নিৰ্জন স্থানলৈ টানি নি উপৰ্যুপৰি ধৰ্ষণ কৰে।ইমানতে ক্ষান্ত নাথাকি দুই দুৰ্বৃত্তই যুৱতীগৰাকীৰ পাৰ্চটো জ্বলাই দিয়ে। পিছত ভুক্তভোগী যুৱতীগৰাকী কোনোমতে পলাই আহি ঘৰত উপস্থিত হৈ সকলো কথা ব্যক্ত কৰে পৰিয়ালৰ আগত। পৰিয়ালৰ লোকে ঘটনা সন্দৰ্ভত আৰক্ষীক খৱৰ দিয়াত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ গছত বান্ধি ৰখা প্ৰেমিকজনক উদ্ধাৰ কৰে। ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে দুই ধৰ্ষনকাৰীক । পাষণ্ড যুৱকদ্বয়ক ২৭ মাৰ্চলৈকে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে স্থানীয় আদালতে।আৰক্ষীয়ে দুই যুৱকৰ বিৰুদ্ধে দলবদ্ধ ধৰ্ষণৰ গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।।

You might also like
Leave A Reply

Your email address will not be published.