উপুৰ্যুপৰি ধৰ্ষণত প্ৰাণ গ’ল কিশোৰীৰ

নেচনেল ডেস্ক:

ৰ্ণাটকৰ ৰামনগৰ জিলাত নৃশংস কাণ্ড।উপৰ্যুপৰি ধৰ্ষণৰ ফলত থিতাতে মৃত্যু ৰামনগৰ জিলাৰ এগৰাকী কিশোৰীৰ। ঘটনাটো বেংগালুৰুৰ উপকণ্ঠৰ টাটাগুনি গাঁৱত সংঘটিত হৈছে।আৰক্ষীয়ে জনোৱা অনুসৰি, দ্বাদশ শ্ৰেণীত অধ্যয়ন কৰি থকা ১৭ বছৰীয়া ভুক্তভোগী কিশোৰী গৰাকীক গাওঁখনৰ ওচৰৰ এটা নিৰ্জন এলেকাত উপৰ্যুপৰি ধৰ্ষণ কৰিছিল একেখন গাঁৱৰে এটা পাষণ্ড যুৱকে। ধৰ্ষণৰ পিছতে তীব্ৰ ৰক্তক্ষৰণৰ ফলত ঘটনাস্থলীতে মৃত্যুবৰণ কৰে কিশোৰীগৰাকীয়ে । আৰক্ষীয়ে জনোৱা অনুসৰি ভুক্তভোগী কিশোৰীগৰাকীক পাষণ্ডটোৱে প্ৰলোভিত কৰি এক নিৰ্জন ঠাইলৈ লৈ গৈ উপৰ্যুপৰি ধৰ্ষণ কৰিছিল। একেখন গাঁৱৰে বাসিন্দা আছিল পাষণ্ড ধৰ্ষণকাৰীটো।ঘটনাস্থলীত কাগলিপুৰা আৰক্ষী উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে ৰাজৰাজেশ্বৰী চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ লগতে ধৰ্ষণকাৰীটোক গ্ৰেপ্তাৰ কৰে।।

You might also like
Leave A Reply

Your email address will not be published.