উত্তৰ প্ৰদেশৰ জগদীশপুৰত ভয়ংকৰ দুৰ্ঘটনা!

নেচনেল ডেস্ক:

ত্তৰ প্ৰদেশৰ জগদীশপুৰত ভয়ংকৰ দুৰ্ঘটনা। ৰাণীগঞ্জ কাটেহাটি গাঁৱৰ সমীপত এখন মটৰচাইকেল আৰু ট্ৰেক্টৰৰ মাজত সংঘৰ্ষৰ ফলত দুজন লোক নিহত হয় । নিহত লোক দুজনৰ নাম জয় কুমাৰ আৰু বিকাশ । নিহালগড় ৰেল ষ্টেচনৰ পৰা লোকদুজন ঘৰলৈ উভতি আহি থকা অৱস্থাতে ঘটনাটো সংঘটিত হয়।আৰক্ষীয়ে জনোৱা অনুসৰি, জয় কুমাৰৰ ঘটনাস্থলীতে মৃত্যু হয়। আনহাতে বিকাশ নামৰ আনজন লোকৰ জগদীশপুৰৰ সামূহিক স্বাস্থ্য কেন্দ্ৰত চিকিৎসাধীন অৱস্থাত মৃত্যু ঘটে। ঘটনাস্থলীত জগদীশপুৰ আৰক্ষী উপস্থিত হৈ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।।

You might also like
Leave A Reply

Your email address will not be published.