ৰাজ্যৰ পৰ্যটন ক্ষেত্ৰলৈ সুখবৰ!

নিউজ ডেস্ক:ৰ্যটন ক্ষেত্ৰক সামৰি মুকলি হ’ব ঘৰুৱা বিমান সেৱা। গুৱাহাটী-ডিব্ৰুগড়-গুৱাহাটী আৰু গুৱাহাটী-শিলচৰ-গুৱাহাটীৰ মাজত বিমান সংযোগ আৰম্ভ। সৰ্বাধিক ৪ হাজাৰ টকা ভাড়া ধাৰ্য যাত্ৰীৰ বাবে। আজি অসম পৰ্যটন উন্নয়ন নিগম আৰু ফ্লাইবিগৰ মাজত এক বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়। নিগমৰ সঞ্চালক প্ৰধান কুমাৰ পদ্মপাণি বৰা আৰু ফ্লাইবিগৰ সঞ্চালক সঞ্জয় নটৱৰলাল মাণ্ডাভিয়াৰ মাজত স্বাক্ষৰিত এই বুজাবুজিৰ চুক্তিয়ে গুৱাহাটী-ডিব্ৰুগড়-গুৱাহাটী আৰু গুৱাহাটী-শিলচৰ-গুৱাহাটীৰ মাজত উড়ান আঁচনিৰ অধীনত ন-দিগন্তৰ সূচনা কৰিব বুলি আশা কৰা হৈছে। আঞ্চলিক সংযোগ আৰু পৰ্যটনৰ সম্ভাৱনা বৃদ্ধিৰ বাবে চৰকাৰে এনে পদক্ষেপ গ্ৰহণ কৰা বুলি অনুষ্ঠানত অংশগ্ৰহণ কৰি জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

ফ্লাই বিগে উত্তৰ-পূৱত ইতিমধ্যে বিমান সেৱা আগবঢ়াই আছে। তেজপুৰ, লখিমপুৰ, যোৰহাটত পৰৰ্ৱতী সময়ত এনে ব্যৱস্থা কৰাৰ চিন্তা চৰ্চা কৰাৰ কথাও মুখ্যমন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়ে। এজন যাত্ৰীয়ে ৪ হাজাৰ টকাতকৈ বেছি ভাড়া কেতিয়াও ভৰিব নালাগে। ৫০ শতাংশ টিকট বিক্ৰী নহ’লে ৰাজ্য চৰকাৰে নিজৰ পুজিৰ পৰা ২০ শতাংশ প্ৰদান কৰিব ফ্লাই বিগক। চৰকাৰে ১ শতাংশ এভিয়েশ্যন মাচুল ল’ব এই ব্যৱস্থাৰ পৰা।।

You might also like
Leave A Reply

Your email address will not be published.