শিক্ষকৰ নিৰ্মম প্ৰহাৰত প্ৰাণ গল এজন সাত বছৰীয়া ছাত্ৰৰ!

নেচনেল ডেস্ক : বিহাৰৰ চহৰচাত সংঘটিত হৈছে এক শোকাৱহ ঘটনা । শিক্ষকৰ নিৰ্মম প্ৰহাৰত প্ৰাণ গল এজন সাত বছৰীয়া ছাত্ৰৰ । হুছেইনচাকত থকা এখন ব্যক্তিগত বিদ্যালয়ৰ এটা হোষ্টেলত সংঘটিত হৈছে এই ঘটনা । বিদ্যালয় খনৰ ছাত্ৰ আদিত্যক এজন শিক্ষকে এটা বিষয়ৰ কিছু অংশ মুখস্থ কৰি আহিবলৈ কৈছিল। কিন্তু আদিত্যই অপাৰগ হোৱাৰ বাবে শিক্ষকজনে ছাত্ৰজনক দুদিন ধৰি নিৰ্মমভাৱে প্ৰহাৰ কৰিছিল।ঘটনাৰ পাছত পুৱা দেৰিলৈকে ছাত্ৰজন বিচনাৰ পৰা শুই নুঠাত সতীৰ্থ ছাত্ৰই জগাবলৈ গৈ আদিত্যৰ শৰীৰটো চেঁচা পৰি যোৱা অৱস্থাত উদ্ধাৰ কৰে। লগে লগে ছাত্ৰ জনক চিকিত্‍সালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিত্‍সকে মৃত ঘোষণা কৰে। ঘটনাৰ পিছৰে পৰা অভিযুক্ত শিক্ষক সুজিত কুমাৰ পলাতক অৱস্থাত আছে। ইতিমধ্যে আদিত্যৰ পৰিয়ালৰ লোকে ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰিছে।।

You might also like
Leave A Reply

Your email address will not be published.