অৱশেষত সম্পূৰ্ণ হ’ল প্ৰখ্যাত উদ্যোগপতি ৰতন টাটাৰ বহু প্ৰত্যাশিত ‘পোহনীয়া জন্তু’ প্ৰকল্প

মুম্বাইত প্ৰায় ২.২ একৰ মাটিত নিৰ্মাণ কৰা হৈছে এই প্ৰকল্পটো

ৱশেষত সম্পূৰ্ণ হ’ল প্ৰখ্যাত উদ্যোগপতি ৰতন টাটাৰ বহু প্ৰত্যাশিত ‘পোহনীয়া জন্তু’ প্ৰকল্প। মুম্বাইত প্ৰায় ২.২ একৰ মাটিত নিৰ্মাণ কৰা হৈছে এই প্ৰকল্পটো। ১৬৫ কোটি টকাৰে নিৰ্মাণ কৰা হৈছে এই প্ৰকল্পটো। মহালক্ষ্মীৰ টাটা ট্ৰাষ্টছ ক্ষুদ্ৰ পশু চিকিৎসালয়খন হৈছে পোহনীয়া জন্তুৰ বাবে ব্যাপক যত্ন প্ৰদানৰ প্ৰতি টাটাৰ নিষ্ঠাৰ এক সুন্দৰ প্ৰদৰ্শন।জানিব পৰা মতে, তেওঁৰ আঘাতপ্ৰাপ্ত কুকুৰটোৰ বাবে উন্নত স্বাস্থ্যসেৱা বিচাৰি কৰা ব্যক্তিগত সংগ্ৰামৰ পৰা অনুপ্ৰাণিত হৈ এই পদক্ষেপ গ্ৰহন কৰে। মাৰ্চ মাহৰ প্ৰথম সপ্তাহত মুকলি হ’বলগীয়া এই চিকিৎসালয়খনত কুকুৰ, মেকুৰী, শহাপহু, আদিকে ধৰি আৰু অন্যান্য সৰু জীৱ-জন্তুৰ চিকি९সাৰ ব্যৱস্থা কৰা হ’ব য’ত ২৪×৭ সেৱা আগবঢ়োৱা হ’ব।

এটা সাক্ষাৎকাৰত টাটাই কয়, “আজিৰ দিনত এটা পোহনীয়া জন্তু নিজৰ পৰিয়ালৰ সদস্যৰ পৰা পৃথক নহয়। গোটেই জীৱন কেইবাটাও পোহনীয়া জন্তুৰ অভিভাৱক হিচাপে মই এই চিকিৎসালয়খনৰ প্ৰয়োজনীয়তাক স্বীকাৰ কৰিছো।”
তেওঁ লগতে কয়, “কিন্তু মোৰ বহু দেৰি হৈছিল, আৰু সেয়েহে তেওঁলোকে কুকুৰটোৰ গাঁঠিটো এটা বিশেষ অৱস্থাত ফ্ৰীজ কৰি ৰাখিছিল। সেই অভিজ্ঞতাই মোক বিশ্বমানৰ পশু চিকিৎসালয় এখন স্থাপিত কৰিবলৈ সাহস দিছে।”

অসংখ্য বাধাৰ সন্মুখীন হোৱাৰ পিছতো টাটাৰ নিষ্ঠাই তেওঁৰ সপোন বাস্তৱত প্ৰতিফলিত কৰিবলৈ সক্ষম হৈছে। টাটা মেম’ৰিয়েল হাস্পতাল আৰু টাটা ইনষ্টিটিউট অৱ ছ’চিয়েল ছায়েন্সৰ দৰে অগ্ৰণী প্ৰতিষ্ঠানৰ বাবে পৰিচিত টাটা ট্ৰাষ্টৰ পৰ্টফলিঅ’ত যোগ দি পশু চিকিৎসালয়খন ভাৰতৰ অন্যতম বৃহৎ চিকিৎসালয় হ’বলৈ গৈ আছে।

You might also like
Leave A Reply

Your email address will not be published.