আজি গংগা বিলাসৰ শেষ যাএা ডিব্ৰুগড়লৈ!

বিয়লি ২বাজি ৩০ মিনিতত পাবহি বগী বিলত

নিউজ ডেস্ক:

জি গংগা বিলাসৰ শেষ যাএা ডিব্ৰুগড়লৈ,বিয়লি ২বাজি ৩০ মিনিতত পাবহি বগী বিলত।এই কথা সদৰি কৰিছে ডিব্ৰুগড় জনসংযোগ বিভাগে।যোৱা ১০জানুৱাৰীত উওৰ প্ৰদেশৰ বাৰানসীৰ পৰা ফ্লেগ অফ কৰি গংগা বিলাসৰ যাত্ৰাৰম্ভ ঘটাইছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।প্ৰথম যাএাত MV গংগা বিলাসে ভাৰত আৰু বাংলাদেশৰ ২৭খন নদীৰ মাজেৰে ৪৭ দিনত ৩২০০ কিলোমিটাৰ দুৰত্ব অতিক্ৰম কৰিছে।আজি বহ্মপুত্ৰ নদীৰে ডিব্ৰুগড়লৈ শেষ যাএালৈ আগবাঢ়িছে গংগা বিলাস। আজি বিয়লি ২:৩০বজাত বগীবিলত উপস্থিত হ’ব গংগা বিলাস।ডিব্ৰুগড়ত গংগা বিলাসক আদৰিব কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।।

You might also like
Leave A Reply

Your email address will not be published.