১৯২২ চনৰ ১০ মাৰ্চ তাৰিখে গুজৰাটৰ সৰৱমতী আশ্ৰমৰ কাষত প্ৰথমবাৰৰ বাবে মহাত্মা গান্ধীক গ্ৰেপ্তাৰ কৰা হৈছিল।
১৯৩৫ চনৰ আজিৰ দিনটোতে প্ৰথম অসমীয়া চলচ্চিত্ৰ ‘জয়মতী’ৰ মুক্তি লাভ। ছবিখনে এই দিনটোত কলকাতাত আৰু ২০ মাৰ্চত গুৱাহাটীত মুক্তি লাভ কৰিছিল। ছবিখনৰ নিৰ্মাতা আছিল জ্যোতিপ্ৰসাদ আগৰৱালা।
১৯৩৯ চনৰ এই দিনটোতে মধ্য প্ৰদেশৰ ত্ৰিপুৰীত তিনিদিনীয়া কাৰ্যসূচীৰে জাতীয় কংগ্ৰেছৰ ৫২ তম বাৰ্ষিক অধিৱেশন আৰম্ভ হৈছিল। এই অধিৱেশনত সভাপতিত্ব কৰিছিল নেতাজী সুভাষ চন্দ্ৰ বসুৱে।
১৯৬৬ চনৰ আজিৰ দিনটোতে নেদাৰলেণ্ডছৰ বিজ্ঞানী ফ্ৰিটছ জাৰনাইকৰ মৃত্যু হৈছিল। তেওঁ ১৯৫৩ চনত পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা লাভ কৰিছিল।
২০০৫ চনৰ এই দিনটোতে ঝাৰখণ্ডৰ তেতিয়াৰ মুখ্যমন্ত্ৰী শিবু ছোৰেণৰ পদত্যাগ।।
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
আজি ১০ মাৰ্চ
NE Bharat 24 is the most authentic and boldest news T.V.news platform.
Prev Post
Next Post
You might also like