আজি ১০ মাৰ্চ

▶️১৯২২ চনৰ এই দিনটোতেই গুজৰাটৰ সৰবমতী আশ্ৰমৰ কাষত প্ৰথমবাৰৰ বাবে মহাত্মা গান্ধীক গ্ৰেপ্তাৰ।
▶️১৯৩৫ চনৰ আজিৰ দিনটোতেই প্ৰথম অসমীয়া চলচ্চিত্ৰ ‘জয়মতী’ৰ মুক্তি।ছবিখনে এই দিনটোত কলকাতাত আৰু ২০ মাৰ্চত গুৱাহাটীত মুক্তিলাভ কৰিছিল। ছবিখনৰ নিৰ্মাতা আছিল ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা।
▶️১৯৩৯ চনৰ আজিৰ দিনটোতেই মধ্যপ্ৰদেশৰ ত্ৰিপুৰীত তিনিদিনীয়া কাৰ্যসূচীৰে জাতীয় কংগ্ৰেছৰ ৫২ সংখ্যক বাৰ্ষিক অধিৱেশন আৰম্ভ। এই অধিৱেশনত সভাপতিত্ব কৰিছিল নেতাজী সুভাষ চন্দ্ৰ বসুৱে।
▶️১৯৪৭ চনৰ আজিৰ দিনটোতেই অসমৰ আটাইতকৈ পুৰণি সাদিনীয়া বাতৰিকাকত ‘জনমভূমি’ৰ প্ৰকাশ।
▶️১৯৬৬ চনৰ এই দিনটোতেই নেদাৰলেণ্ডছৰ বিজ্ঞানী ফ্ৰিটছ জাৰনাইকৰ মৃত্যু।১৯৫৩ চনত তেওঁ পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা লাভ কৰিছিল।
▶️২০০৫ চনৰ আজিৰ দিনটোতেই ঝাৰখণ্ডৰ তদানীন্তন মুখ্যমন্ত্ৰী শিবু ছোৰেনৰ পদত্যাগ।।

You might also like
Leave A Reply

Your email address will not be published.