আজি ১১ নৱেম্বৰ

▶️১৮২১ চনৰ এই দিনটোতেই ৰাছিয়াৰ সাহিত্যিক ডষ্টয়েভস্কিৰ জন্ম হৈছিল।
▶️১৮৬৬ চনৰ আজিৰ দিনটোতেই কেশৱ সেনৰ নেতৃত্বত কলকাতাত আদিব্ৰহ্ম সমাজ প্ৰতিষ্ঠা।
▶️১৯১৮ চনৰ এই দিনটোতেই চৰকাৰীভাৱে প্ৰথম মহাসমৰৰ সামৰণি।এই যুদ্ধত মিত্ৰ পক্ষই (ৰাছিয়া-ব্ৰিটেইন-ফ্ৰান্স,যি ছাৰ্বিয়াক সমৰ্থন কৰিছিল) জয়লাভ কৰে।অষ্ট্ৰিয়াত গণতন্ত্ৰ প্ৰতিষ্ঠা হয় আৰু জাৰ্মানীয়ে পৰাজয় স্বীকাৰ কৰে।
▶️১৯১৯ চনৰ এই দিনটোতেই মুম্বাই চহৰত কেন্দ্ৰীয় খিলাফৎ কমিটি গঠন।
▶️১৯২৩ চনৰ আজিৰ দিনটোতেই হিটলাৰক গ্ৰেপ্তাৰ।
▶️১৯৫৪ চনৰ আজিৰ দিনটোতেই ভাৰতীয় চলচ্চিত্ৰৰ যশস্বী অভিনেত্ৰী ৰেখাৰ জন্ম হৈছিল। বৰ্তমানলৈ ১৮০ খনৰো অধিক ছবিত অভিনয় কৰা ৰেখাই বলিউডত সফলতাৰে চাৰি দশক অতিক্ৰম কৰিছে।
▶️১৯৬৬ চনৰ এই দিনটোতেই সাহিত্যিক ডিম্বেশ্বৰ নেওগৰ দেহাৱসান।
▶️১৯৬৮ চনৰ আজিৰ দিনটোতেই মালদ্বীপ গণতন্ত্ৰত পৰিনত হৈছিল।
▶️১৯৭০ চনৰ এই দিনটোতেই মহেন্দ্ৰ মোহন চৌধুৰী অসমৰ মুখ্যমন্ত্ৰী হৈছিল। ১৯৭২ চনৰ ৩০ জানুৱাৰীলৈকে তেওঁ এই পদত কাৰ্যনিৰ্বাহ কৰিছিল।
▶️১৯৭৩ চনৰ এই দিনটোতেই নতুন দিল্লীত প্ৰথম আন্তঃৰাষ্ট্ৰীয় ডাকটিকট প্ৰদৰ্শনী মুকলি।
▶️১৯৭৫ চনৰ এই দিনটোতেই এংগোলা পৰ্তুগীজ শাসনৰ পৰা মুক্ত।
▶️১৯৮১ চনৰ এই দিনটোতেই সাহিত্যিক ৰমা দাশৰ মৃত্যু।
▶️১৯৯৫ চনৰ আজিৰ দিনটোতেই কমনৱেলথৰ পৰা নাইজেৰিয়াক নিলম্বন।
▶️২০০২ চনৰ আজিৰ দিনটোতেই বিল গেটছৰ ভাৰতলৈ আগমন।
▶️২০০২ চনৰ আজিৰ দিনটোতেই জম্মু-কাশ্মীৰৰ পৰা বিনা প্ৰতিদ্বন্দিতাৰে ৰাজ্যসভালৈ ফাৰুক আব্দুল্লা আৰু গোলাম নবী আজাদ নিৰ্বাচিত হৈছিল।।

 

You might also like
Leave A Reply

Your email address will not be published.