আজি ১৩ ছেপ্টেম্বৰ

▶️আজি সন্ত্ৰাসবাদ বিৰোধী দিৱস।
▶️১৯০৪ চনৰ আজিৰ দিনটোতেই অসমৰ সমবায় সমিতি ‘শ্বিলং সমবায় টাউন বেংক’ প্ৰতিষ্ঠা।
▶️১৯১৬ চনৰ এই দিনটোতেই এনি বেছান্টৰ ভাৰতত হোমৰুল লীগ প্ৰতিষ্ঠা।
▶️১৯২২ চনৰ এই দিনটোতেই লিবিয়াৰ আজিজিয়াত তাপমাত্ৰাই ৫৭.৭ ডিগ্ৰী চেলচিয়াছ স্পৰ্শ কৰিছিল। ইয়েই এইপৰ্যন্ত পৃথিৱীৰ সৰ্বোচ্চ তাপমাত্ৰা।
▶️১৯৪৮ চনৰ এই দিনটোতেই ভাৰতীয় সেনাৰ দ্বাৰা নিজামৰ ৰাজ্য হায়দৰাবাদ দখল।
▶️১৯৭১ চনত আজিৰ দিনটোতেই চীনৰ সামৰিক বাহিনীৰ প্ৰধান তথা চীনৰ কমিউনিষ্ট পাৰ্টীৰ বিশিষ্ট নেতা লিন পিয়াত্তৰ বিমান দুৰ্ঘটনাত মৃত্যু।
▶️১৯৯২ চনৰ আজিৰ দিনটোতেই কেন্দ্ৰীয় চৰকাৰৰ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ গঠনৰ সিদ্ধান্ত।
▶️১৯৯৫ চনৰ আজিৰ দিনটোতেই সাহিত্যিক মহেশ্বৰ নেওগৰ মৃত্যু।
▶️১৯৯৬ চনৰ আজিৰ দিনটোতেই লোকসভাত লোকপাল বিধেয়ক গৃহীত হৈছিল।
▶️২০০৩ চনৰ আজিৰ দিনটোতেই তদানীন্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ দ্বাৰা ‘দ্য হিন্দু’ কাকতৰ ১২৫ বছৰীয়া জয়ন্তী উদ্বোধন।।

You might also like
Leave A Reply

Your email address will not be published.