বালিপৰা-টাৱাং পথৰ নেচিফু সুৰংগ মুকলি

৯০ টা প্ৰকল্প উদ্বোধন প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ

নিউজ ডেস্ক:

বালিপৰা-টাৱাং পথৰ নেচিফু সুৰংগ মুকলি। সুৰংগটো মুকলি কৰে প্ৰতিৰক্ষা ৰাজনাথ সিঙে । চিৰবৈৰী চীনক প্ৰতিৰোধ কৰাৰ লক্ষ্যৰে অৰুণাচল প্ৰদেশত কেন্দ্ৰীয় চৰকাৰে নিৰ্মাণ কৰি উলিয়াইছে ৫০০ মিটাৰ দৈৰ্ঘ্যৰ এই সুৰংগ। এই সুৰংগটোৱে নিৰ্মাণৰত চেলা সুৰংগৰ লগতে টাৱাং অঞ্চলৰ সৈতে সকলো বতৰতে সংযোগ স্থাপন কৰাৰ লগতে অঞ্চলটোত নিয়োজিত সশস্ত্ৰ বাহিনী আৰু টাৱাং ভ্ৰমণ কৰা পৰ্যটক সকলকো উপকৃত কৰিব।

মঙলবাৰে দেশৰ সীমান্ত পথ সংস্থা বৰ্ডাৰ অৰ্গেনাইজেচন (BRO)ৰ ৯০টা আন্তঃগাথঁনিৰ প্ৰকল্প উদ্বোধনৰ লগতে দেশৰ নামত উৎসৰ্গা কৰে প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে। জম্মু-কাশ্মীৰৰ দেৱক দলঙত ভাৰ্ছুৱেলী উদ্বোধন আৰু উৎসৰ্গা কৰে ২,৯৪১ কোটি টকা ব্যয় সাপেক্ষে সীমান্ত পথ সংস্থাৰ দ্বাৰা নিৰ্মিত দেশৰ ৯০টা আন্তঃগাথঁনিৰ প্ৰকল্প।

উল্লেখযোগ্য যে, দেশৰ ৯০টা আন্তঃগাঁথনিৰ প্ৰকল্পৰ ভিতৰত উদয়কৰ দ্বাৰা নিৰ্মিত ৩৬টা প্ৰকল্পই অৰুণাচলৰ। ইয়াৰে ১৫টা প্ৰকল্প উদয়কৰ অধীনস্থ লোহিত, আনজাও আৰু চাংলাং জিলাত অৱস্থিত। অৰুণাচল প্ৰদেশৰ তেজু জিলাৰ ডিম্বেৰ ৪৮ নং সীমান্ত সুৰক্ষা সংস্থাৰ দ্বাৰা আয়োজিত শুভ উদ্বোধনী অনুস্থানৰ সাক্ষী হৈ ৰ’ল সীমান্ত পথ সংস্থাৰ বহুকেইজন উচ্চ পদস্থ বিষয়া, ভাৰতীয় সেনা, ৰাজনৈতিক নেতাসহ আনজাও জিলাৰ উপায়ুক্ত তাল’জেৰাং।।

You might also like
Leave A Reply

Your email address will not be published.