কেৰেলাত নিপা ভাইৰাছৰ আতংক!

দুজনকৈ লোকৰ মৃত্যু!

নেচনেল ডেস্কঃ

ক’ৰোণাৰ আতংকৰ পাছতে ভাৰতত বৃদ্ধি পাইছে নিপা ভাইৰাছৰ সংক্ৰমণ । কেৰেলাত ভয়াৱহ ৰূপত বৃদ্ধি পাইছে নিপা ভাইৰাছৰ সংক্ৰমণত আক্ৰান্তৰ সংখ্যা । ৰাজ্যখনৰ কেইবাখনো জিলাত ভয়াবহ ৰূপ লৈছে নিপা ভাইৰাছে । কেৰেলাৰ কোঝিকোড জিলাত নিপা ভাইৰাছৰ সংক্ৰমণ ধৰা পেলাইছে স্বাস্থ্য বিভাগে । কান্নুৰ, ৱায়ানাড আৰু মালাপ্পুৰম জিলাতো জাৰি কৰা হৈছে সতৰ্কবাণী । এই কথা সদৰি কৰে কেৰেলাৰ স্বাস্থ্যমন্ত্ৰী বীনা জৰ্জে ।

ইতিমধ্যে কোঝিকোড জিলাত জ্বৰৰ ফলত হোৱা দুজনকৈ লোকৰ মৃত্যুৰ পাছতে পোহৰলৈ আহিছে এই তথ্য । লগে লগে জিলাখনত জাৰি কৰা হৈছে সতৰ্কবাণী ।
নিপা ভাইৰাছৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰাৰ আশ্বাহ প্ৰদান কৰিছে স্বাস্থ্য মন্ত্ৰী বীনা জৰ্জে । চৰকাৰী চিকিত্‍সালয়ৰ লগতে ব্যক্তিগত চিকিত্‍সালয়তো নিপা ভাইৰাছত আক্ৰান্ত ৰোগীসকলক চিকিত্‍সাৰ সকলো সা-সুবিধা প্ৰদান কৰাৰ কথা প্ৰকাশ কৰে স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে।।

You might also like
Leave A Reply

Your email address will not be published.