আজি ১৩ ডিচেম্বৰ

➡️১৭৮৪ চনৰ আজিৰ দিনটোতে ইংৰাজ ভাষাতত্ববিদ, কবি-সমালোচক ছেমুৱেল জনছনৰ মৃত্যু হৈছিল।
➡️১৯২৫ চনৰ ১৩ ডিচেম্বৰ তাৰিখে সাহিত্যিক সত্যনাথ বৰাৰ মৃত্যু হৈছিল।
➡️২০০১ চনৰ আজিৰ দিনটোতে ভাৰতীয় সংসদত সন্ত্ৰাসবাদীৰ আক্ৰমণ। সাতজন নিৰাপত্তাৰক্ষীকে ধৰি পাঁচটা সন্ত্ৰাসবাদী আৰু এজন বাগিচা কৰ্মী নিহত, ২৬ লোক আহত হৈছিল।
➡️২০০৩ চনৰ আজিৰ দিনটোতে যশ চোপ্ৰাক দাদা চাহেব ফাল্কে বঁটা প্ৰদান কৰা হৈছিল।
➡️১৯৯২ চনৰ ১৩ ডিচেম্বৰ তাৰিখে ইণ্ডোনেছিয়াত হোৱা প্ৰলয়ংকাৰী ভূমিকম্পত ২,৫০০ লোকৰ মৃত্যু হৈছিল।
➡️২০০০ চনৰ আজিৰ দিনটোতে জৰ্জ ডব্লিউ বুশ্ব আমেৰিকাৰ ৰাষ্ট্ৰপতি ৰূপে নিৰ্বাচিত হৈছিল।
➡️১৯৬২ চনৰ ১৩ ডিচেম্বৰ তাৰিখে বিশ্বৰ প্ৰথমটো ‘ৰিলে’ উপগ্ৰহ উৎক্ষেপণ কৰা হৈছিল। উপগ্ৰহটোৱে টেলিভিছন, টেলিফোন, টেলিপ্ৰিন্টাৰ, ফেক্স আৰু অন্যান্য সংকেত আমেৰিকা, ইউৰোপ আৰু ব্ৰাজিলৰ মাজত প্ৰেৰণ কৰিছিল।
➡️১৯৯০ চনৰ আজিৰ দিনটোতে ভাৰত চৰকাৰৰ অত্যাৱশকীয় পণ্য সৰবৰাহ আইন প্ৰত্যাহাৰ কৰা হৈছিল। ১৯৮১ চনত ইন্দিৰা গান্ধীৰ আমোলত এই আইন ভাৰতত জাৰি কৰা হৈছিল।
➡️১৯৮১ চনৰ আজিৰ দিনটোতে পোলেণ্ডত সামৰিক বাহিনীয়ে ক্ষমতা দখল কৰিছিল।
➡️১৯৯৩ চনৰ ১৩ ডিচেম্বৰ তাৰিখে ৰাছিয়াত নতুন সংবিধানৰ বাবে হোৱা গণভোটত বৰিছ য়েল্টছিন জয়ী হৈছিল।
➡️১৯২৮ চনৰ আজিৰ দিনটোতে কবি-সমালোচক জ্ঞানানন্দ শৰ্মা পাঠকৰ জন্ম হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.