অনুৰাধা শৰ্মা পূজাৰী,প্ৰশান্ত ৰাজগুৰুলৈ সন্মান

তিনিচুকীয়া জিলা সাংবাদিক সন্থাই ৮ গৰাকী সাংবাদিকক অসম বাৰ্তাজীৱী সংঘৰ ৪৫ সংখ্যক লিডু দ্বি – বাৰ্ষিক অধিবেশনত প্ৰদান কৰিব সাংবাদিকতা বঁটা । সংবাদক্ষেত্ৰলৈ আগবঢ়োৱা বৰঙণিৰ বাবে দুই বিশিষ্ট সাংবাদিক অনুৰাধা শৰ্মা পুজাৰী আৰু প্ৰশান্ত ৰাজগুৰুলৈ গজেন বৰঠাকুৰ সংবাদ মহীৰূহ বটাঁ ২০২২ আগবঢ়োৱা হ’ব। তদুপৰি সন্থাই আন ছয় গৰাকী যুৱ সাংবাদিককো সন্মানিত কৰিব। তেওঁলোক হ’ল ক্ৰমে দিগন্ত বুঢ়াগোহাঁই, শোনিত কুমাৰ ভূঞা, উৎপল বৰা, ছায়ামণি ভূঞা, ভাস্কৰজ্যোতি দাস আৰু ফটো সাংবাদিক গৌতম গগৈ। উল্লেখ্য যে, তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ উদ্যোগত মাৰ্ঘেৰিটা সাংবাদিক সন্থা আৰু ডিগবৈ প্ৰেছ ক্লাবৰ সহযোগত অসম বাৰ্তাজীৱী সংঘৰ ৪৫ সংখ্যক দ্বি-বাৰ্ষিক অধিবেশনখনি অহা ২১,২২ আৰু ২৩ জানুৱাৰীত তিনিচুকীয়া জিলাৰ লিডু বাজাৰ হাইস্কুল খেলপথাৰত অনুষ্ঠিত হ’ব। ২২ জানুৱাৰীত অনুষ্ঠিত হ’বলগীয়া প্ৰথমখন মুকলি সভাত বঁটা সমুহ প্ৰদান কৰা হ’ব বুলি তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ সভাপতি অনুজ কলিতা আৰু সম্পাদক ৰাণাজ্যোতি নেওগে এক প্ৰেছ বিজ্ঞপ্তি যোগে সদৰি কৰিছে।।

You might also like
Leave A Reply

Your email address will not be published.