▶️আজি অভিযন্তা দিৱস।
▶️আজি সঞ্চয়িকা দিৱস।
▶️১৮৩০ চনৰ আজিৰ দিনটোতেই আনুষ্ঠানিকভাৱে ৰে’ল যুগৰ আৰম্ভণিৰ কথা ঘোষণা।সেইদিনাই জৰ্জ ষ্টিফেনছনে নিৰ্মাণ কৰা ‘ৰকেট’ নামৰ ইঞ্জিনটোৱে টনা ভাপচালিত ৰেলগাড়ীৰ চলাচল আৰম্ভ হৈছিল। ভাপচালিত ৰে’ল তথা পথ পৰিবহনৰ ইতিহাসত সূচনা হৈছিল এক নতুন অধ্যায়ৰ।
▶️১৮৬০ চনৰ এই দিনটোতেই আধুনিক কৰ্ণাটকৰ অন্যতম প্ৰতিষ্ঠাপক, স্থপতিবিদ এম বিশ্বেশ্বায়াৰৰ জন্ম হৈছিল।
▶️১৮৯০ চনৰ আজিৰ দিনটোতেই ৰহস্য সাহিত্যিক, কিংবদন্তি লেখিকা আগাথা ক্ৰিষ্টিৰ জন্ম হৈছিল।
▶️১৮৭৬ চনৰ এই দিনটোতেই প্ৰসিদ্ধ বাংলা সাহিত্যিক শৰৎ চন্দ্ৰ বন্দোপাধ্যায়ৰ জন্ম হৈছিল।
▶️১৯১৬ চনৰ আজিৰ দিনটোতেই শাস্ত্ৰীয় সংগীতৰ প্ৰসিদ্ধ শিল্পী এম এছ শুভলক্ষ্মীৰ জন্ম হৈছিল।
▶️১৯৫৯ চনৰ আজিৰ দিনটোতেই দিল্লীত প্ৰথমবাৰৰ বাবে টেলিভিছনৰ পৰীক্ষামূলক সম্প্ৰচাৰ আৰম্ভ হৈছিল।
▶️১৯৮৯ চনৰ আজিৰ দিনটোতেই ব্ৰৰছন-মেটকাফ নামৰ ধূমকেতু এটাৰ সূৰ্য্যৰ পৰা ৮৬০ কিলোমিটাৰ দূৰত অৱস্থান।
▶️২০০১ চনৰ আজিৰ দিনটোতেই আমেৰিকাৰ ৱৰ্ল্ড ট্ৰেড চেন্টাৰ ধ্বংসৰ মূল অভিযুক্ত ওচামা বিন লাডেন তালিবানশাসিত আফগানিস্তানত থকাৰ পৰিপ্ৰেক্ষিতত আমেৰিকাৰ আফগানিস্তানৰ বিৰুদ্ধে যুদ্ধ ঘোষণা।।
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
আজি ১৫ ছেপ্টেম্বৰ
NE Bharat 24 is the most authentic and boldest news T.V.news platform.
Next Post
You might also like