পুনৰ লজ্জানত অসম আৰক্ষী!

শিশু শ্ৰমিক নিয়োগ কৰাৰ অভিযোগত আৰক্ষী বিষয়াক ‘ৰিজাৰ্ভ ক্ল'জ’

নিউজ ডেস্ক:

পুনৰ লজ্জানত অসম আৰক্ষী। শিশু শ্ৰমিক নিয়োগ কৰাৰ অভিযোগত আৰক্ষী বিষয়াক ‘ৰিজাৰ্ভ ক্ল’জ’। কামৰূপ জিলাৰ পলাশবাৰী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজীব নাথৰ বিৰুদ্ধে এই শাস্তিমূলক ব্যৱস্থা।অ’ চি ৰাজীব নাথৰ বিৰুদ্ধে থানাত নাবালিকা এগৰাকীক শিশু শ্ৰমিকৰূপে নিয়োগ কৰাৰ অভিযোগ উত্থাপন হৈছে।শিশু সুৰক্ষাৰ বাবে কাম কৰা এটা বেচৰকাৰী সংস্থাই অ’ চি ৰাজীব নাথৰ বিৰুদ্ধে উত্থাপন কৰিছিল এই অভিযোগ। পৰৱৰ্তী সময়ত আৰক্ষী বিষয়া গৰাকীৰ বিৰুদ্ধে গ্ৰহণ কৰা হয় এই শাস্তিমূলক ব্যৱস্থা।

অভিযোগ অনুসৰি নাবালিকা গৰাকীক থকাৰ সুব্যৱস্থাও কৰা হোৱা নাছিল। আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙৰ নিৰ্দেশ মৰ্মে ‘ৰিজাৰ্ভ ক্ল’জ’ কৰা হয় অ’ চি ৰাজীব নাথক।।

You might also like
Leave A Reply

Your email address will not be published.