আজি ১৬ ছেপ্টেম্বৰ

▶️১৭৩৬ চনৰ এই দিনটোতেই জাৰ্মান পদাৰ্থ বিজ্ঞানী গেব্ৰিয়েল ডেনিয়েল ফাৰেনহাইটৰ মৃত্যু ঘটিছিল।
▶️১৮২১ চনৰ আজিৰ দিনটোতেই মেক্সিকোৰ স্বাধীনতা লাভ।
▶️১৯৩২ চনৰ আজিৰ দিনটোতেই মেলেৰিয়াৰ ৰোগ-বীজানুৰ আৱিষ্কাৰক ভাৰতীয় মূলৰ নোবেল জয়ী চিকিৎসা বিজ্ঞানী ৰোনাল্ড ৰছৰ মৃত্যু ঘটিছিল।
▶️১৯৪০ চনৰ এই দিনটোতেই আমেৰিকাত ২১-৩৫ বছৰীয়া পুৰুষসকলক সৈন্য বাহিনীত যোগদান বাধ্যতামূলক কৰা হৈছিল।
▶️১৯৫৩ চনৰ আজিৰ দিনটোতেই বিশ্বৰ প্ৰথমখন চিনেমাস্কোপ ছবি ‘দা ৰোব’ আমেৰিকাৰ ৰক্সি থিয়েটাৰত প্ৰদৰ্শিত হৈছিল।
▶️১৯৮৪ চনৰ আজিৰ দিনটোতেই এন টি ৰামাৰাও পুনৰ অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী হৈছিল। মন্ত্ৰীসভাৰ সংখ্যাগৰিষ্ঠতা প্ৰমাণৰ অৰ্থে তেওঁৰ দল তেলেগু দেশমৰ বিধায়ক সকলক নতুন দিল্লীত তদানীন্তন ৰাষ্ট্ৰপতি জাইল সিঙৰ ওচৰলৈ লৈ গৈ এক অভিলেখ সৃষ্টি কৰিছিল।
▶️২০০২ চনৰ আজিৰ দিনটোতেই মেচিডেনিয়াত বিৰোধী দলৰ চৰকাৰ গঠন।
▶️১৬১৬ চনৰ এই দিনটোতেই ব্ৰিটিছ ৰাষ্ট্ৰদূত টমাছ ৰো ভাৰতৰ চুৰাটত উপস্থিত হৈছিল। ইংলেণ্ডৰ ৰজা জেমছৰ দূত হিচাপে মোগল সম্ৰাট জাহাংগীৰৰ ৰাজত্ব কালত তেওঁ ভাৰতত কাৰ্যনিৰ্বাহ কৰিছিল।।

You might also like
Leave A Reply

Your email address will not be published.