আজি আইচলেণ্ডৰ ৰাষ্ট্ৰীয় দিৱস।
১৭৫৬ চনৰ আজিৰ দিনটোতেই ৫০,০০০ সৈন্যৰে নবাব ছিৰাজোদ্দৌল্লাৰ কলকাতা আক্ৰমণ।
১৮৬২ চনৰ এই দিনটোতেই ভাৰতৰ প্ৰাক্তন গৱৰ্ণৰ জেনেৰেল লৰ্ড কেনিঙৰ ইংলেণ্ডত মৃত্যু।
১৯০৩ চনৰ আজিৰ দিনটোতেই ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্ম হৈছিল।
১৯২৮ চনৰ আজিৰ দিনটোতেই উৰিষ্যাৰ বিশিষ্ট জাতীয়তাবাদী নেতা গোপবন্ধু দাসৰ মৃত্যু হৈছিল।
১৯৬৫ চনৰ এই দিনটোতেই লণ্ডনত নদিনীয়া কমনৱেলথ সন্মিলন আৰম্ভ।
১৯৯১ চনৰ আজিৰ দিনটোতেই হাৰিয়ানা বিধানসভাৰ নিৰ্বাচনত কংগ্ৰেছৰ নিৰংকুশ সংখ্যাগৰিষ্ঠতা অৰ্জন। কেৰালা আৰু তামিলনাডুত কংগ্ৰেছ আৰু ইয়াৰ সহযোগী দলৰ সংখ্যাগৰিষ্ঠতা লাভ।
১৯৯১ চনৰ এই দিনটোতেই ভাৰতৰ প্ৰথম উপ-প্ৰধানমন্ত্ৰী চৰ্দাৰ বল্লভভাই পেটেল আৰু প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীলৈ মৰনোত্তৰভাৱে ভাৰতৰত্ন প্ৰদানৰ কথা ঘোষণা।
২০০২ চনৰ আজিৰ দিনটোতেই বছৰজোৰা কাৰ্যসূচীৰে ৰাজ্যজুৰি জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্ম-শতবাৰ্ষিকী আৰম্ভ।।