আজি ১৮ অক্টোবৰ

▶️১৮৭১ চনৰ ১৮ অক্টোবৰত আধুনিক কম্পিউটাৰৰ জনক চাৰ্লছ বেবেজৰ মৃত্যু।
▶️১৯৩১ চনৰ আজিৰ দিনটোতেই মাৰ্কিন বিজ্ঞানী টমাছ আলভা এডিচনৰ মৃত্যু হৈছিল।
▶️১৯৫১ চনৰ আজিৰ দিনটোতেই নতুন দিল্লীত ভাৰতীয় জাতীয় কংগ্ৰেছৰ ৫৭ সংখ্যক বাৰ্ষিক অধিৱেশন আৰম্ভ হৈছিল। দুদিনীয়া এই অধিৱেশনত সভাপতিত্ব কৰিছিল জৱাহৰলাল নেহৰুৱে।
▶️১৯৬৭ চনৰ আজিৰ দিনটোতেই বিশ্বৰ প্ৰথমটো মহাকাশ টেলিস্কোপৰ উৎক্ষেপণ।
▶️১৯৯৫ চনৰ আজিৰ দিনটোতেই উত্তৰ প্ৰদেশত বিধানসভা ভংগ কৰি ৰাষ্ট্ৰপতি শাসন জাৰি কৰা হৈছিল।
▶️১৯৯৮ চনৰ এই দিনটোতেই ইন্টাৰনেটৰ অন্যতম বাটকটীয়া জোনাথন পোষ্টেলৰ ৫৫ বছৰ বয়সত মৃত্যু হৈছিল।
▶️১৯৯৯ চনৰ আজিৰ দিনটোতেই লোকসভাৰ বিৰোধী দলৰ নেত্ৰী ৰূপে নিৰ্বাচিত হৈছিল ছোনিয়া গান্ধী।
▶️২০০১ চনৰ আজিৰ দিনটোতেই প্ৰখ্যাত কন্ঠশিল্পী আশা ভোঁছলেলৈ ২০০০ চনৰ দাদা চাহেব ফাল্কে বঁটা ঘোষণা কৰা হৈছিল।
▶️২০০১ চনৰ এই দিনটোতেই এনথ্ৰাক্সৰ ভয়ত মাৰ্কিন সংসদ বন্ধ কৰা হৈছিল।
▶️২০০২ চনৰ ১৮ অক্টোবৰত শচীন টেণ্ডুলকাৰ বিশ্ব ক্ৰিকেটত ২০ হেজাৰ ৰাণ সম্পূৰ্ণ কৰা প্ৰথমগৰাকী খেলুৱৈৰূপে পৰিগণিত হৈছিল।
▶️২০০৪ চনৰ আজিৰ দিনটোতেই তামিলনাডুৰ স্পেচিয়েল টাস্ক ফৰ্চৰ হাতত চন্দন কাঠৰ কুখ্যাত চোৰাং ব্যৱসায়ী বিৰাপ্পনৰ মৃত্যু হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.