ৰাছিয়াৰ চুপাৰচ’নিক যুদ্ধবিমান চু-৩৪ দুৰ্ঘটনাগ্ৰস্ত!

ইণ্টাৰনেচনেল ডেস্ক:

ৰাছিয়াৰ চুপাৰচ’নিক যুদ্ধবিমান চু-৩৪ দুৰ্ঘটনাগ্ৰস্ত। প্ৰশিক্ষণ অভিযানৰ বাবে উৰণৰ সময়ত ইয়াৰ এটা ইঞ্জিনত জুই লাগি যোৱাৰ পিছত বন্দৰ চহৰ য়েইস্কৰ আবাসিক এলেকাত বোমাৰু বিমানখন দুৰ্ঘটনাপতিত হয় বুলি ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে জানিবলৈ দিয়ে। অবশ্যে বিমানৰ দুয়োজন পাইলট নিৰাপদে দুৰ্ঘটনাগ্ৰস্ত বিমানৰ পৰা ওলাই আহিবলৈ সক্ষম হৈছে যদিও বিমানখন আৱাসিক এলেকাত খুন্দা মৰাৰ ফলত ইন্ধন বিস্ফোৰণ হোৱাৰ ফলত অগ্নিকাণ্ড সংঘটিত হয়। অগ্নিকাণ্ডত কমেও দুজন লোক নিহত হোৱাৰ বিপৰীতে আন ১৯ জন লোক আহত হয়। অগ্নিকাণ্ডত ক্ষতিগ্ৰস্ত হয় কমেও ১৭টা এপাৰ্টমেণ্ট । আহতসকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।।

You might also like
Leave A Reply

Your email address will not be published.