১৮০০ চনৰ এই দিনটোতেই ভাৰতৰ প্ৰথমখন মহাবিদ্যালয় কলকাতাৰ ফ’ৰ্ট উইলিয়াম কলেজ প্ৰতিষ্ঠা।১৮৫৪ চনত এই মহাবিদ্যালয় বন্ধ হয়।
১৮৬৪ চনৰ এই দিনটোতেই হেনৰী ডুনান্টৰ প্ৰচেষ্টাত সমাজসেৱাৰ বাবে আন্তৰ্জাতিক সংগঠন ৰেড ক্ৰছ প্ৰতিষ্ঠা।
১৯০০ চনৰ এই দিনটোতেই ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ প্ৰথম মহিলা তথা ভাৰতীয় সভাপতি বিজয়লক্ষ্মী পণ্ডিতৰ দেহাৱসান।
১৯৪৫ চনৰ এই দিনটোতেই ফৰমোছা দ্বীপৰ কাষত এক বিমান দুৰ্ঘটনাত নেতাজী সুভাষ চন্দ্ৰ বসুৰ মৃত্যু হোৱা বুলি ২২ আগষ্টৰ দিনা টকিঅ’ ৰডিঅ’ৰ ঘোষণা।অৱশ্যে এই সন্দৰ্ভত প্ৰকৃত তথ্য এতিয়াও অজ্ঞাত।
১৯৫১ চনৰ আজিৰ দিনটোতেই খড়গপুৰত ইণ্ডিয়ান ইনষ্টিটিউট অব টেকনোলজী(IIT) মুকলি।
২০০০ চনৰ এই দিনটোতেই শিল্পী-সাহিত্যিক লক্ষ্যধৰ চৌধুৰীৰ মৃত্যু হৈছিল।
২০০২ চনৰ আজিৰ দিনটোতেই ২০০১ চনৰ ১১ ছেপ্টেম্বৰত নিউয়ৰ্কৰ ৱৰ্ল্ড ট্ৰেড চেন্টাৰ ধ্বংসৰ মূল অভিযুক্ত ওছামা বিন লাডেন আৰু তেওঁৰ সংগঠন আল-কাইদাক আৰ্থিক সাহাৰ্য্য প্ৰদানৰ অভিযোগ তুলি ছৌদি ৰাজপৰিয়াল আৰু সাতটা বেংকৰ বিৰুদ্ধে সেই ঘটনাত নিহত পৰিয়ালৰ সদস্যৰ এক গোচৰ ৰুজু হৈছিল।
২০০৪ চনৰ আজিৰ দিনটোতেই এথেন্স অলিম্পিকৰ শ্বুটিঙত ভাৰতৰ ৰাজ্যবৰ্ধন সিং ৰাথোড়ৰ ৰূপৰ পদক লাভ।
১৮৫০ চনৰ আজিৰ দিনটোতেই ফৰাচী ঔপন্যাসিক বালজাকৰ মৃত্যু ঘটিছিল।।
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
আজি ১৮ আগষ্ট
You might also like