১৫৭৪ চনৰ আজিৰ দিনটোতেই তৃতীয় শিখ গুৰু অমৰ দাসৰ দেহাৱসান।
১৮৪৭ চনৰ আজিৰ দিনটোতেই বিশিষ্ট ইংৰাজ লেখিকা তথা সমাজবাদৰ প্ৰবক্তা এনি বেছান্টৰ জন্ম হৈছিল। ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভানেত্ৰী (১৯১৭)ৰ দায়িত্ব বহন কৰা এইগৰাকী বিদূষী মহিলাই ভাৰতত স্বায়ত্বশাসনৰ দাবীত আন্দোলনো কৰিছিল।
১৮৫৪ চনৰ এই দিনটোতেই ভাৰতত চৰকাৰীভাৱে ডাকটিকটৰ প্ৰৱৰ্তন।
১৮৮১ চনৰ এই দিনটোতেই ব’য়িং বিমান কোম্পানীৰ প্ৰতিষ্ঠাতা উইলিয়াম এডৱাৰ্ড ব’য়িঙৰ জন্ম হৈছিল।
১৮৯৫ চনৰ আজিৰ দিনটোতেই পাকিস্তানৰ প্ৰথম প্ৰধানমন্ত্ৰী লিয়াকৎ আলী খাঁৰ জন্ম হৈছিল।
১৯৫৩ চনৰ আজিৰ দিনটোতেই ইংৰাজে গঠন কৰা ‘মাদ্ৰাজ প্ৰেছিডেন্সি’ প্ৰদেশৰ ১১ খন জিলা একত্ৰিত হৈ নতুন অন্ধ্ৰপ্ৰদেশৰ গঠন হৈছিল।
১৯৮৮ চনৰ এই দিনটোতেই মিখাইল গৰ্বাচেভ ছোভিয়েট ৰাছিয়াৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হৈছিল।
১৯৬৭ চনৰ এই দিনটোতেই ভাৰত পৰ্যটন বিকাশ নিগম লিমিটেড গঠন।
১৯৫৮ চনৰ এই দিনটোতেই জোখ-মাখৰ এককৰ ক্ষেত্ৰত ভাৰতত মেট্ৰিক পদ্ধতিৰ প্ৰৱৰ্তন।
১৯৭৮ চনৰ আজিৰ দিনটোতেই বিবাহৰ ক্ষেত্ৰত ভাৰতত ছোৱালীৰ ন্যুনতম বয়স ১৫ বছৰৰ পৰা ১৮ বছৰলৈ আৰু ল’ৰাৰ ১৮ বছৰৰ পৰা ২১ বছৰলৈ বৃদ্ধি।
২০০৩ চনৰ আজিৰ দিনটোতেই অন্ধ্ৰপ্ৰদেশৰ তদানীন্তন মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডু এক এক গ্ৰেনেড বিস্ফোৰণত আহত হৈছিল।।