আজি ১ আগষ্ট

▶️১৪৯৮ চনৰ আজিৰ দিনটোতেই কলম্বাছৰ দক্ষিণ আমেৰিকাৰ মূল ভূ-ভাগ আৱিষ্কাৰ।
▶️১৯১৬ চনৰ এই দিনটোতেই এনী বেছান্টৰ হোম ৰুল লীগ আৰম্ভ।
▶️১৯২০ চনৰ এই দিনটোতেই স্বাধীনতা সংগ্ৰামী বাল গংগাধৰ তিলকৰ মৃত্যু ঘটিছিল। তেওঁৰ বিখ্যাত বাণী ‘স্বৰাজ মোৰ জন্মস্বত্ব’।
▶️১৯২০ চনৰ আজিৰ দিনটোতেই মহাত্মা গান্ধীৰ নেতৃত্বত ভাৰতত আনুষ্ঠানিকভাৱে অসহযোগ আন্দোলন আৰম্ভ।
▶️১৯৩৬ চনৰ এই দিনটোতেই বাৰ্লিনত অলিম্পিক ক্ৰীড়া সমাৰোহ আৰম্ভ হৈছিল।
▶️১৯৪৬ চনৰ আজিৰ দিনটোতেই ইংৰাজ সাহিত্যিক এইচ জি ৱেলছৰ মৃত্যু।
▶️১৯৫৭ চনৰ এই দিনটোতেই নতুন দিল্লীত গঠন হৈছিল নেচনেল বুক ট্ৰাষ্ট।
▶️১৯৬০ চনৰ এই দিনটোতেই পশ্চিম আফ্ৰিকাৰ দেশ বেনিন স্বাধীন হৈছিল। সেই সময়ত দেশখনৰ নাম আছিল ডেছোমি। ১৯৭৫ চনত দেশখনে বেনিন নাম লয়।
▶️১৯৭৫ চনৰ এই দিনটোতেই যাত্ৰীবাহী উৰাজাহাজৰ প্ৰথমগৰাকী মহিলা পাইলট ৰূপে দুৰ্বা বেনাৰ্জীয়ে কাৰ্যভাৰ গ্ৰহণ কৰিছিল।
▶️১৭৪৪ চনৰ এই দিনটোতেই ফৰাচী জীৱবিজ্ঞানী লেমাৰ্কৰ জন্ম হৈছিল।
▶️১৯৮৭ চনৰ এই দিনটোতেই মক্কাত ২০০ ইৰানী হজযাত্ৰীৰ মৃত্যু ঘটিছিল।
▶️১৯৮৬ চনৰ আজিৰ দিনটোতেই ভাৰতত স্পীড পোষ্ট বা দ্ৰুত ডাকসেৱা আৰম্ভ হৈছিল।
▶️১৯৯৯ চনৰ আজিৰ দিনটোতেই প্ৰসিদ্ধ ভাৰতীয় সাহিত্যিক নিৰোদ চি চৌধুৰীৰ মৃত্যু ঘটিছিল।।

You might also like
Leave A Reply

Your email address will not be published.