নেচনেল ডেস্ক:

হাৰাষ্ট্ৰৰ থানেৰ এক্সপ্ৰেছৱে নিৰ্মাণস্থলীত ভয়ংকৰ ক্ৰেন দুৰ্ঘটনা। থানেত সমৰুদ্ধি এক্সপ্ৰেছ হাইৱে’ৰ তৃতীয় পৰ্যায়ৰ নিৰ্মাণত ব্যৱহৃত গাৰ্ডাৰ লঞ্চাৰ ক্ৰেন আৰু শ্লেব ১০০ ফুট উচ্চতাৰ পৰা বাগৰি ভাঙি পৰাৰ ফলত সংঘটিত হয় দুৰ্ঘটনাটো। দুৰ্ঘটনাত ১৭ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে আহত হয় ৩ জন লোক। মঙলবাৰে পুৱাৰ ভাগত সংঘটিত হয় এই শোকাৱহ দুৰ্ঘটনা। ইফালে ধ্বংসাৱশেষৰ তলত অধিক লোক আবদ্ধ হৈ থকাৰ আশংকা কৰা হৈছে। আহতসকলক স্থানীয় চিকিৎসালয়লৈ লৈ যোৱা হয়।আৰক্ষী জোৱান, এন ডি আৰ এফৰ জোৱান আৰু অগ্নিনিৰ্বাপক বাহিনীৰ লোক উদ্ধাৰ আৰু সাহায্যৰ কামত নিয়োজিত হৈ আছে। মৃতকৰ সংখ্যা বৃদ্ধি পাব পাৰে বুলি আশংকা কৰা হৈছে।
​দুৰ্ঘটনা সন্দৰ্ভত অচিৰেই তদন্ত আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছে লগতে মহাৰাষ্ট্ৰ চৰকাৰে।।

You might also like
Leave A Reply

Your email address will not be published.