ইণ্টাৰনেচনেল ডেস্ক:

ফগানিস্তানত তালিবান চৰকাৰে নিষিদ্ধ কৰিলে সংগীত! অগ্নিকুণ্ডত জাহ গ’ল গীটাৰ, তবলা, স্পীকাৰ আদি বাদ্যযন্ত্ৰ তথা সংগীতৰ সা-সামগ্ৰী। আফগানিস্তানৰ হেৰাট প্ৰদেশত জ্বলাই দিয়া হ’ল সংগীতৰ সা-সঁজুলি। অগ্নিনিৰ্বাপক বাহিনীৰ এটা অনুষ্ঠানৰ সময়ত মহানগৰখনৰ বিবাহ ভৱনৰ পৰা সংগ্ৰহ কৰা শ শ আমেৰিকান ডলাৰ মূল্যৰ সংগীতৰ বাদযন্ত্ৰ আৰু সঁজুলি জ্বলাই দিয়ে তালিবান কতৃপক্ষই।

‘সংগীতে যুৱক-যুৱতীসকলক বিপথে পৰিচালিত কৰে’,এই ধাৰনাৰে ​২০২১ চনৰ আগষ্ট মাহত তালিবানে দেশখনৰ শাসনভাৰ লোৱাৰ পিছৰে পৰা শ্বাৰিয়া নিয়মসমূহৰ প্ৰৱৰ্তন ক্ৰমাগতভাৱে ৰূপায়নৰ সমান্তৰালভাৱে ৰাজহুৱা সংগীত পৰিবেশনো নিষিদ্ধ কৰি আহিছে।।

You might also like
Leave A Reply

Your email address will not be published.