আজি ২২ অক্টোবৰ

▶️১৭৬৪ চনৰ আজিৰ দিনটোতেই বংগ আৰু বিহাৰত নবাবৰ শাসনৰ অন্ত হৈ ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসন আৰম্ভ হৈছিল।
▶️১৭৬৪ চনৰ আজিৰ দিনটোতেই বক্সাৰ যুদ্ধত ইংৰাজৰ বিহাৰ দখল।
▶️১৯৩৮ চনৰ আজিৰ দিনটোতেই পদাৰ্থ বিজ্ঞানী ছেষ্টাৰ কাৰ্লছনৰ ‘ইলেক্ট্ৰোফটোগ্ৰাফ’ নামৰ এক পদ্ধতিৰ আৱিষ্কাৰ। ১৯৪৭ চনত এই পদ্ধতিৰ ওপৰত ভিত্তি কৰিয়েই জেৰোগ্ৰাফী বা জেৰক্স মেচিন নিৰ্মাণ হয়।
▶️১৯৪৭ চনৰ এই দিনটোতেই পাকিস্তানৰ প্ৰত্যক্ষ সমৰ্থনত পাঠান আৰু আন জনজাতি সম্প্ৰদায়ৰ কাশ্মীৰ আক্ৰমণ। কাশ্মীৰৰ ৰজা হৰি সিঙৰ ভাৰত চৰকাৰৰ সাহাৰ্য্য প্ৰাৰ্থনাৰে কাশ্মীৰক ভাৰতভূক্তিৰ প্ৰস্তাৱ।
▶️১৯৭৫ চনৰ আজিৰ দিনটোতেই ইংৰাজ ইতিহাসবিদ আৰ্নল্ড যোচেফ টয়নববিৰ মৃত্যু হৈছিল।
▶️১৯৬২ চনৰ এই দিনটোতেই ভাক্ৰা-নাংগল বহুমুখি নদী উপত্যকা প্ৰকল্প ৰাষ্ট্ৰৰ উদ্দেশ্যে উছৰ্গা।
▶️১৯৯৪ চনৰ আজিৰ দিনটোতেই শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী জামিনী দেশনায়কৰ লগতে আন ৬০ গৰাকী লোক বোমা বিস্ফোৰণত নিহত হৈছিল।
▶️১৯৯৯ চনৰ এই দিনটোতেই টাইৱানত ভয়ংকৰ ভূমিকম্প।
▶️১৯৯৯ চনৰ আজিৰ দিনটোতেই বফৰ্চ মোকৰ্দমাৰ চাৰ্জশ্বীট দাখিল।ৰাজীৱ গান্ধীসহ আন ৪ জনক অভিযুক্ত।
▶️১৯৯৯ চনৰ এই দিনটোতেই লোকসভাৰ অধ্যক্ষ ৰূপে জি এম চি বালাযোগী নিৰ্বাচিত।
▶️২০০১ চনৰ আজিৰ দিনটোতেই আফগানিস্তানৰ এক চিকিৎসালয়ত মাৰ্কিন বোমা বিস্ফোৰণত ১০০ লোকৰ প্ৰাণহানি। হাজাৰ হাজাৰ আফগান শৰনাৰ্থীৰ পাকিস্তানলৈ যাত্ৰা।
▶️২০০২ চনৰ আজিৰ দিনটোতেই ‘যাযাবৰ’ চদ্মনামেৰে বিখ্যাত বাংলা লেখক বিনয় মুখোপাধ্যায়ৰ ৯২ বছৰ বয়সত দেহাৱসান।
▶️২০০৩ চনৰ এই দিনটোতেই ফিফাৰ ৰেংকিঙত বিশ্ব ফুটবলৰ শীৰ্ষত আৰোহণ ব্ৰাজিলৰ।।

You might also like
Leave A Reply

Your email address will not be published.