আজি ২৬ নৱেম্বৰ

➡ আজি আইন দিৱস।

➡ ১৯৪৯ চনৰ আজিৰ দিনটোতে ভাৰতৰ সংবিধানৰ চূড়ান্ত ৰূপ দিয়া হৈছিল। ইয়াৰ আগতে ১৯৪৭ চনৰ ২৯ আগষ্টত বি আৰ আম্বেদকাৰক অধ্যক্ষ ৰূপে লৈ ভাৰতৰ সংবিধানৰ খচৰা প্ৰস্তুতকৰণ সমিতি গঠন কৰা হৈছিল। ১৯৪৮ চনৰ ২১ ফেব্ৰুৱাৰীত এই সমিতিয়ে সংবিধানৰ খচৰা দাখিল কৰে আৰু ১৯৪৯ চনৰ এই দিনটোতে সংবিধানখনক চূড়ান্ত ৰূপ দিয়ে।

➡ ১৯৪৯ চনৰ ২৬ নৱেম্বৰত গণ পৰিষদৰ দ্বাৰা ভাৰতৰ সংবিধান অনুমোদিত হৈছিল।

➡ কানপুৰ আৰু লক্ষ্ণৌৰ মাজত ভাৰতৰ প্ৰথম এছ টি ডি সেৱা মুকলি হৈছিল ১৯৬০ চনৰ আজিৰ দিনটোতে।

➡ ১৯৯৮ চনৰ ২৬ নৱেম্বৰত অসমৰ বিভিন্ন ঠাইত পাইপলাইন বিস্ফোৰণ হৈ কেইবা লাখ টকাৰ ক্ষতি হৈছিল।

➡ ২০০১ চনৰ আজিৰ দিনটোতে তালিবানৰ অন্যতম ঘাটি কুন্দুৰ চহৰ নৰ্দাৰ্ন এলায়েন্সে দখল কৰিছিল।

➡ প্ৰখ্যাত শিক্ষাবিদ তথা জাতীয় অধ্যাপক সুনীতি কুমাৰ চট্টোপাধ্যায়ৰ জন্ম হৈছিল ১৮৯০ চনৰ ২৬ নৱেম্বৰত।

➡ ১৯৯৮ চনৰ আজিৰ দিনটোতে পঞ্জাবত ভয়াবহ ৰে’ল দুৰ্ঘটনাৰ ফলত ২০০ জন যাত্ৰী নিহত হৈছিল। শিয়ালদাহমুখী জম্মু-টাৱাই এক্সপ্ৰেছখন অমৃতসৰগামী ফ্ৰন্টিয়াৰ গ’ল্ডেন টেম্পল মেইলৰ লাইনচ্যুত তিনিটা দবাত খুন্দা মৰাৰ ফলত এই দুৰ্ঘটনা সংঘটিত হৈছিল।

➡ ১৯৪১ চনৰ ২৬ নৱেম্বৰত লেবাননৰ স্বাধীনতা ঘোষণা কৰা হৈছিল।

➡ ১৯২৬ চনৰ আজিৰ দিনটোতে শিল্পী ৰুদ্ৰ বৰুৱাৰ জন্ম হৈছিল।

➡ ভাৰতৰ সংসদীয় ইতিহাসত প্ৰথমবাৰৰ বাবে নিৰ্বাচিত সংসদৰ ভোটবিৰোধী মঞ্চ গঠন কৰা হৈছিল ১৯৯৭ চনৰ ২৬ নৱেম্বৰত।

➡ ২০০৩ চনৰ আজিৰ দিনটোতে আন্তৰ্জাতিক ক্ৰিকেটৰ পৰা অষ্ট্ৰেলিয়াৰ টেষ্ট ক্ৰিকেটৰ কেপ্টেইন ষ্টিভ ৱ’ৰে অৱসৰ ঘোষণা কৰিছিল।।

You might also like
Leave A Reply

Your email address will not be published.