আজি ২৭ নৱেম্বৰ

➡ ১০০১ চনৰ আজিৰ দিনটোতে আফগানিস্তানৰ গজনীৰ চুলতান মামুদে প্ৰথম ভৰত আক্ৰমণ কৰিছিল। বৰ্তমানৰ পাকিস্তানৰ পেছোৱাৰত হোৱা যুদ্ধত ৰজা জয়পালে পৰাজয় বৰণ কৰে। চুলতান মামুদৰ চতুৰ্দশ তথা অন্তিম অভিযান হৈছিল ১০২৬ চনত।

➡ ১৭০১ চনৰ ২৭ নৱেম্বৰত ছুইডেনৰ জ্যোতিৰ্বিদ, উষ্ণতাৰ ছেলছিয়াছ স্কেলৰ উদ্ভাৱক এণ্ডাৰছ চেলছিয়াছৰ জন্ম হৈছিল।

➡ আলফ্ৰেড নোবেলে উইল ৰচনা কৰিছিল ১৮৯৫ চনৰ আজিৰ দিনটোতে। এই উইলৰ জৰিয়তে নোবেলে তেওঁৰ সঞ্চিত সকলো ধন পাঁচটা ক্ষেত্ৰৰ শ্ৰেষ্ঠ অৱদানৰ বাবে পুৰস্কাৰ প্ৰদানৰ অৰ্থে দান কৰিছিল।

➡ ১৯০৭ চনৰ ২৭ নৱেম্বৰত প্ৰসিদ্ধ হিন্দী কবি হৰিবংশ ৰায় বচ্চনৰ জন্ম হৈছিল।

➡ ১৯৪০ চনৰ আজিৰ দিনটোতে বিশ্বৰ কিংবদন্তিস্বৰূপ চীনা সৰম-কলাবিদ, প্ৰশিক্ষক, সমৰ-কলা চলচ্চিত্ৰ অভিনেতা ব্ৰুছ লীৰ জন্ম হৈছিল।

➡ শিল্পী বেণু মিশ্ৰৰ জন্ম হৈছিল ১৯৩৯ চনৰ ২৭ নৱেম্বৰত।

➡ ১৯৪১ চনৰ আজিৰ দিনটোতে কবি ভবেন বৰুৱাৰ জন্ম হৈছিল। (প্ৰৱেশিকা পৰীক্ষাৰ মানপত্ৰ অনুসৰি)

➡ ১৯৫৩ চনৰ ২৭ নৱেম্বৰত নোবেল বঁটা বিজয়ী মাৰ্কিন নাট্যকাৰ ইউজিন অ’ নীলৰ মৃত্যু হৈছিল।

➡ জন মেজৰ ব্ৰিটেইনৰ সৰ্বকনিষ্ঠ প্ৰধানমন্ত্ৰী ৰূপে নিৰ্বাচিত হৈছিল ১৯৯০ চনৰ আজিৰ দিনটোতে।

➡ ২০০১ চনৰ ২৭ নৱেম্বৰত ঘনকান্ত বৰবায়ন আৰু গিৰীশ চৌধুৰীলৈ সংগীত নাটক একাডেমী বঁটা ঘোষণা কৰা হৈছিল।

➡ ২০০৪ চনৰ আজিৰ দিনটোতে গুৱাহাটীত শিৱপ্ৰসাদ বৰুৱাক ‘কমলকুমাৰী ৰাষ্ট্ৰীয় বঁটা’ প্ৰদান কৰা হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.