নগাঁৱত ড্ৰাগছৰ বিৰুদ্ধে সজাগতা অভিযান

বৰ্তমান সময়ত ড্ৰাগছে ভয়ংকৰ মহামাৰীৰ ৰূপ ধাৰণ কৰিছে। ড্ৰাগছ সেৱন সমুলাঞ্চে নিৰ্মূল কৰাৰ বাবে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে ইতিমধ্যে আৰম্ভ কৰিছে ‘নিচামুক্ত ভাৰত অভিযান’। এই ভংয়কৰ মহামাৰীক সমাজৰ পৰা নাশ কৰাৰ উদ্দেশ্যে মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বতো বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি অহা হৈছে। কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে আৰম্ভ কৰা ‘নিচামুক্ত ভাৰত অভিযান’ৰ কাৰ্যসূচীক অনুকৰণ কৰি শুকুৰবাৰে নগাঁও জিলাৰ অন্যতম সামাজিক সাংস্কৃতিক যুৱ সংগঠন “উদ্যম“ৰ উদ্যোগত নগাঁৱৰ নেহৰুবালিত অনুষ্ঠিত হয় এখনি ড্ৰাগছ বিৰোধী সজাগতা সভা। উক্ত কাৰ্যসূচীত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে নগাঁও সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা আৰু অতিৰিক্ত উপায়ুক্ত দেৱহুতি বৰাই। বিশেষ অতিথি হিচাপে উপস্থিত থাকে আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ সুৰজিত কুমাৰ ভাগৱতী আৰু খাগৰিজান মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ ৰমেশ নাথ। তদুপৰি সভাত উপস্থিত থাকে নগাঁও প্ৰেছ ক্লাবৰ উপদেষ্টা কনক হাজৰিকা, জেষ্ঠ সাংবাদিক নিলোৎপল বৰাৰ লগতে সচেতন ৰাইজ। সভাৰ অন্তত নগাঁও চহৰৰ মাজ মজিয়াৰে এক সজাগতামূলক পদযাত্ৰাও উলিওৱা হয়। সজাগতা যাত্ৰাত বহু কলেজীয়া ছাত্ৰ ছাত্ৰীৰ লগতে স্থানীয় ৰাইজে অংশ গ্ৰহণ কৰে।।

You might also like
Leave A Reply

Your email address will not be published.