আজি ২৮ নৱেম্বৰ

➡ ১৮২০ চনৰ আজিৰ দিনটোতে বিজ্ঞানী, সমাজবাদ তত্ত্বৰ অন্যতম প্ৰতিষ্ঠাপক ফ্ৰেডৰিক এঞ্জেলছৰ জন্ম হৈছিল।

➡ ১৯১৫ চনৰ ২৮ নৱেম্বৰত অষ্ট্ৰিয়া আৰু বুলগেৰিয়াই ছাৰ্বিয়া অধিকাৰ কৰিছিল.

➡ অষ্ট্ৰিয়া হাংগেৰীৰ সম্ৰাট ফ্ৰাঞ্জ যোছেফৰ মৃত্যু হৈছিল ১৯১৬ চনৰ আজিৰ দিনটোতে।

➡ ১৯৫৪ চনৰ ২৮ নৱেম্বৰত ইটালীৰ নিউক্লীয় পদাৰ্থ-বিজ্ঞানী এনৰিকো ফাৰ্মিৰ মৃত্যু হৈছিল। ১৯৩৮ চনত তেওঁ পদাৰ্থ-বিজ্ঞানৰ নোবেল বঁটা লাভ কৰিছিল।

➡ ১৯৬০ চনৰ আজিৰ দিনটোতে পশ্চিম আফ্ৰিকাৰ দেশ মৰিটানিয়াই পূৰ্ণ স্বাধীনতা লাভ কৰিছিল।

➡ ১৯৯০ চনৰ ২৮ নৱেম্বৰত অসমত ৰাষ্ট্ৰপতি শাসন আৰম্ভ হৈছিল। আলফা আৰু এন এছ চি এনক নিষিদ্ধ ঘোষণা কৰা হৈছিল।

➡ অসম সাহিত্য সভাৰ দুবছৰীয়া কাৰ্যকালৰ সভাপতি ৰূপে চন্দ্ৰপ্ৰসাদ শইকীয়া মনোনীত হৈছিল ১৯৯৮ চনৰ আজিৰ দিনটোতে।

➡ ১৯৯৮ চনৰ ২৮ নৱেম্বৰত দিল্লী, ৰাজস্থান, মধ্য প্ৰদেশ বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ বিপুল জয় হৈছিল। মিজোৰামত জয়ী হৈছিল নেচনেল ফ্ৰন্ট আৰু মিজোৰাম পিপুলছ কনফাৰেন্সৰ জোঁট।

➡ ২০০৪ চনৰ আজিৰ দিনটোতে দুবছৰীয়া কাৰ্যকালৰ বাবে কনকসেন ডেকা অসম সাহিত্য সভাৰ সভাপতি নিৰ্বাচিত হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.