ক’ভিডৰ আতংকত স্থগিত মহিলাৰ বিশ্বকাপ হকী

দক্ষিণ আফ্ৰিকাত অনুষ্ঠিত হ’বলগীয়া মহিলা জুনিয়ৰ হকী বিশ্বকাপ সাময়িকভাৱে স্থগিত। ৫ ডিচেম্বৰৰ পৰা দক্ষিণ আফ্ৰিকাত অনুষ্ঠিত হ’বলগীয়া মহিলা জুনিয়ৰ হকী বিশ্বকাপ দেশখনত ক’ভিডৰ নতুন প্ৰকাৰৰ প্ৰাদুৰ্ভাৱৰ বাবে পিছুৱাই দিয়া হৈছে। প্ৰতিযোগিতাখন ৫ ৰ পৰা ১৬ ডিচেম্বৰৰ ভিতৰত দক্ষিণ আফ্ৰিকাৰ পটচেফষ্ট্ৰুমত অনুষ্ঠিত হোৱাৰ কথা আছিল। অৱশ্যে , আন্তৰ্জাতিক হকী ফেডাৰেচনে (এফআইএইচ) প্ৰতিযোগিতাখন পুনৰ অনুষ্ঠিত কৰাৰ বাবে আশাবাদী।

উল্লেখ্য যে, ১৬ টা দলে মহিলা জুনিয়ৰ হকী বিশ্বকাপত অংশগ্ৰহণ কৰাৰ কথা আছিল।।

You might also like
Leave A Reply

Your email address will not be published.