আজি ২৯ আগষ্ট

▶️১৮৬২ চনৰ এই দিনটোতেই বেলজিয়ামৰ কবি,নাট্যকাৰ মৰিচ মেটাৰলিংকৰ জন্ম হৈছিল।
▶️১৯০২ চনৰ এই দিনটোতেই ভাৰতপ্ৰেমী ইংৰাজ নৃতত্ববিদ আৰু সাহিত্যিক ভেৰিয়াৰ এলউইনৰ জন্ম হৈছিল।
▶️১৯১০ চনৰ আজিৰ দিনটোতেই সমগ্ৰ কোৰিয়া জাপানৰ অধীনলৈ গৈছিল।
▶️১৯১৫ চনৰ আজিৰ দিনটোতেই হলীউডৰ প্ৰখ্যাত অভিনেত্ৰী ইনগ্ৰিড বাৰ্গমেনৰ জন্ম হৈছিল।
▶️১৯৪৭ চনৰ এই দিনটোতেই ভীমৰাও আম্বেদকাৰক অধ্যক্ষ ৰূপে লৈ ভাৰতৰ সংবিধানৰ খচৰা প্ৰস্তুতকৰণ সমিতি গঠন। ১৯৪৮ চনৰ ২১ ফেব্ৰুৱাৰীত এই সমিতিয়ে সংবিধানৰ খচৰা দাখিল কৰে আৰু ১৯৪৯ চনৰ ২৬ নৱেম্বৰত সংবিধানখনক চূড়ান্ত ৰূপ দিয়া হয়।১৯৫০ চনৰ ২৬ জানুৱাৰীৰ পৰা সংবিধানখন বলৱৎ হয়।সেইদিনাৰে পৰা ভাৰত এখন গণতান্ত্ৰিক ৰাষ্ট্ৰ ৰূপে পৰিগণিত হয়।
▶️১৯৭৬ চনৰ এই দিনটোতেই বিদ্ৰোহী কবি নজৰুল ইছলামৰ মৃত্যু হৈছিল।
▶️১৯৮২ চনৰ আজিৰ দিনটোতেই আন্তৰ্জাতিক চলচ্চিত্ৰকাৰ ইংগমাৰ বাৰ্গমেনৰ মৃত্যু ঘটিছিল।
▶️১৯৯১ চনৰ আজিৰ দিনটোতেই ভাৰতৰ দ্বিতীয়টো সুদূৰ সংবেদী উপগ্ৰহ IRS-1Bৰ উৎক্ষেপণ। এইটো আছিল ছোভিয়েট ৰাছিয়াৰ পৰা উৎক্ষেপিত পঞ্চমটো সফল উপগ্ৰহ। ISROৰ দ্বাৰা নিৰ্মিত IRS-1Bক IRS-1Aৰ আয়ুসকাল চমু চাপি অহাৰ বাবে তাৰ ঠাইত স্থাপন কৰা হয়।
▶️২০০৩ চনৰ আজিৰ দিনটোতেই উত্তৰ প্ৰদেশৰ নতুন মুখ্যমন্ত্ৰী ৰূপে মুলায়েম সিং যাদৱৰ শপতগ্ৰহণ।।

You might also like
Leave A Reply

Your email address will not be published.