বিশ্ব এথলেটিকছত খিতাপজয়ী প্ৰথম ভাৰতীয়ৰ ইতিহাস স্বৰ্ণপুত্ৰৰ!

বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপ ২০২৩ ত নীৰজ চোপ্ৰাৰ স্বৰ্ণ জয়

নিউজ ডেস্ক:

জেভলিন কেৰিয়াৰত পুনৰ আন এক অভিলেখ নীৰজ চোপ্ৰাৰ। বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপ ২০২৩ ত নীৰজ চোপ্ৰাৰ স্বৰ্ণ জয়। পূৰ্বে একাধিক পদক অৰ্জন কৰি ভাৰতলৈ সুনাম কঢ়িওৱা নীৰজ বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত স্বৰ্ণ পদক লাভ কৰা প্ৰথমজন ভাৰতীয়। পুৰুষৰ জেভেলিন থ্ৰ’ৰ ফাইনেলত ৮৮.১৭ মিটাৰ জেভলিন নিক্ষেপ কৰি নীৰজ চোপ্রাই দখল কৰে স্বৰ্ণ পদক। আনহাতে ৮৭.৮২ মিটাৰেৰে পাকিস্তানৰ নদীমে অৰ্জন কৰে ৰূপৰ পদক।

উল্লেখ্য যে, নীৰজ চোপ্ৰাৰ উপৰি আন এগৰাকী ভাৰতীয় কিশোৰ জিনাৰে বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপ ২০২৩ ত পঞ্চম স্থান দখল কৰিবলৈ সক্ষম হৈছে। ৮৪.৭৭ মিটাৰ জেভেলিন নিক্ষেপ কৰি পঞ্চম স্থান অধিকাৰ কৰে জিনাৰে।।

You might also like
Leave A Reply

Your email address will not be published.