আজি ২৯ নৱেম্বৰ

➡ ১৯৮৯ চনৰ আজিৰ দিনটোতে প্ৰধানমন্ত্ৰী পদৰ পৰা ৰাজীৱ গান্ধীয়ে পদত্যাগ কৰিছিল।

➡ ১৯৫১ চনৰ ২৯ নৱেম্বৰত চলচ্চিত্ৰ নিৰ্মাতা প্ৰমথেশ বৰুৱাৰ মৃত্যু হৈছিল।

➡ মাৰ্কিন মহাকাশ যানেৰে চিম্পাঞ্জী এনোছে পৃথিৱীৰ চৌপাশে দুবাৰ প্ৰদক্ষিণ কৰিছিল ১৯৬১ চনৰ আজিৰ দিনটোতে। মহাকাশ-বিজ্ঞানৰ ইতিহাসত ই এক তাৎপৰ্যপূৰ্ণ সংঘটন।

➡ ১৯৮৮ চনৰ ২৯ নৱেম্বৰত বাংলাদেশত প্ৰচণ্ড ঘূৰ্ণিত সহস্ৰাধিক লোক নিহত হোৱাৰ লগতে বহু ঘৰ-দুৱাৰ ধ্বংস হৈছিল।

➡ ১৯৯০ চনৰ আজিৰ দিনটোতে ভাৰতীয় প্ৰযুক্তিৰে নিৰ্মিত টেংক বিধ্বংসী ক্ষেপণাস্ত্ৰ‘নাগ’ৰ সফল উৎক্ষেপণ সম্পন্ন হৈছিল।

➡ ১৯৮৯ চনৰ ২৯ নৱেম্বৰত নৱম লোকসভা নিৰ্বাচনত ক্ষমতাৰ পৰা কংগ্ৰেছৰ অপসাৰণ হৈছিল।

➡ জাৰ্মানীৰ লগত ৰাছিয়াৰ শান্তি আলোচনা আৰম্ভ হৈছিল ১৯১৭ চনৰ আজিৰ দিনটোতে।

➡ ১৯৪৫ চনৰ ২৯ নৱেম্বৰত যুগোশ্লাভিয়াত গণতন্ত্ৰ প্ৰতিষ্ঠা হৈছিল।

➡ ১৯৯৪ চনৰ আজিৰ দিনটোতে নেপালৰ কমিউনিষ্ট পাৰ্টীৰ নেতা মনমোহন অধিকাৰী দেশখনৰ প্ৰধান মন্ত্ৰী হৈছিল।

➡ সমাজবাদী কংগ্ৰেছৰ নেতা শাৰদ পাৱাৰে কংগ্ৰেছত যোগদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল ১৯৮৬ চনৰ ২৯ নৱেম্বৰত।

➡ ১৯৯১ চনৰ আজিৰ দিনটোতে নতুন শিল্প আৰু অৰ্থনৈতিক নীতিৰ প্ৰতিবাদত দেশজুৰি শিল্পোদ্যোগ আৰু বেংকত ধৰ্মঘট সাব্যস্ত কৰা হৈছিল।

➡ ২০০২ চনৰ ২৯ নৱেম্বৰত বিশিষ্ট শিল্পী ফ্ৰাচেংমুং বৰগোহাঁইৰ মৃত্যু হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.