আজি ২ জানুৱাৰী

▶️১৭৫৭ চনৰ আজিৰ দিনটোতেই ৰবাৰ্ট ক্লাইভৰ কলকাতা দখল।
▶️১৯৩০ চনৰ এই দিনটোতেই লাহোৰ অধিবেশনত ভাৰতৰ পূৰ্ণ স্বৰাজৰ দাবী উত্থাপন কংগ্ৰেছৰ।
▶️১৯৩৮ চনৰ আজিৰ দিনটোতেই বিহগী কবি ৰঘুনাথ চৌধাৰীৰ সম্পাদনাত প্ৰগতিশীল অসমীয়া আলোচনী ‘জয়ন্তী’ৰ প্ৰকাশ।
▶️১৯৩৯ চনৰ আজিৰ দিনটোতেই বোম্বাই(মুম্বাই)ত দুই লাখ শ্ৰমিকৰ অংশগ্ৰহণেৰে সাধাৰণ ধৰ্মঘট।
▶️১৯৬৭ চনৰ এই দিনটোতেই অসম কেশৰী অম্বিকাগিৰি ৰায়চৌধুৰীৰ মৃত্যু হৈছিল।
▶️১৯৭৩ চনৰ এই দিনটোতেই জেনেৰেল মানেক শ্ব’ ভাৰতৰ ফিল্ড মাৰ্শ্বেল হৈছিল।
▶️১৯৮৯ চনৰ আজিৰ দিনটোতেই সংগ্ৰামী নাট্যকাৰ, অভিনেতা ছফদৰ হাছমীৰ মৃত্যু হৈছিল।
▶️১৯৯৮ চনৰ এই দিনটোতেই মহম্মদ আজহাৰউদ্দীন ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক হৈছিল।
▶️১৯৯৯ চনৰ আজিৰ দিনটোতেই প্ৰবীণ কমিউনিষ্ট নেতা বিমলা ফাৰুকিৰ ৭৫ বছৰ বয়সত মৃত্যু হৈছিল।
▶️২০০২ চনৰ আজিৰ দিনটোতেই সাহিত্যিক নীলিমা দত্তৰ মৃত্যু হৈছিল।
▶️২০০৩ চনৰ আজিৰ দিনটোতেই গুৱাহাটীত ৰোড কংগ্ৰেছৰ ৬৩ সংখ্যক অধিবেশন আৰম্ভ।
▶️২০০৫ চনৰ আজিৰ দিনটোতেই তৃতীয় BTC গ্ৰন্থমেলা উদ্বোধন কৰিছিল জ্ঞানপীঠ বঁটা বিজয়ী মামণি ৰয়ছম গোস্বামীয়ে।
▶️২০০৬ চনৰ এই দিনটোতেই ব্ৰিটেইনত ৰয়েল মেইল ডাকসেৱাৰ একক স্বত্বৰ অৱসান ঘটিছিল।।

 

You might also like
Leave A Reply

Your email address will not be published.