১৬৮৭ চনৰ আজিৰ দিনটোতেই সম্ৰাট ঔৰংগজেৱৰ হায়দৰাবাদৰ গোলকুন্দা দখল।
১৯১৭ চনৰ আজিৰ দিনটোতেই ৰাছিয়াৰ জাৰ আৰু তেওঁৰ পৰিয়ালক ছাইবেৰিয়ালৈ নিৰ্বাসন।
১৯৪৬ চনৰ আজিৰ দিনটোতেই ৰাধাগোবিন্দ বৰুৱাৰ উদ্যোগত অসমৰ প্ৰথম ইংৰাজী দৈনিক ‘দ্য আছাম ট্ৰিবিউন’ৰ প্ৰকাশ। ১৯৩৯ চনৰ ৪ আগষ্টত কাকতখন প্ৰথমে ডিব্ৰুগড়ৰ পৰা সাদিনীয়া ৰূপে প্ৰকাশ পাইছিল।
১৯৬৬ চনৰ এই দিনটোতেই ব্ৰিটিছ অধিকৃত দক্ষিণ আফ্ৰিকাৰ ঔপনিবেশ বেচুৱানালেণ্ডৰ স্বাধীনতা লাভ। নতুন নাম বোৎছোৱানা।
১৯৮৩ চনৰ আজিৰ দিনটোতেই ১৯৪৫ চনৰ পিছত প্ৰথমবাৰৰ বাবে উত্তৰ আৰু দক্ষিণ আফ্ৰিকাৰ সীমান্ত মুকলি কৰা হৈছিল।
১৯৯০ চনৰ এই দিনটোতেই ভাৰতৰ প্ৰাক্তন উপ-প্ৰধানমন্ত্ৰী দেৱী লালৰ সংসদৰ পৰা পদত্যাগ।
১৯৯৩ চনৰ আজিৰ দিনটোতেই মহাৰাষ্ট্ৰ আৰু ইয়াৰ কাষৰীয়া অঞ্চলত প্ৰচণ্ড ভূমিকম্পত ৯,৭৪৮ লোকৰ মৃত্যু,আহত ১৫ সহস্ৰাধিক। লাটুৰ আৰু ওছমানাবাদ জিলাৰ ৪০ খনৰো অধিক গাঁও ধ্বংস।
১৯৯৭ চনৰ আজিৰ দিনটোতেই অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী যোগেন্দ্ৰনাথ হাজৰিকাৰ দেহাৱসান।
১৯৯৯ চনৰ আজিৰ দিনটোতেই জাৰ্মান ঔপন্যাসিক গুন্টাৰ গ্ৰাছলৈ শতিকাৰ অন্তিম সাহিত্যৰ নোবেল বঁটা।
১৯৯৯ চনৰ আজিৰ দিনটোতেই ভূ-পৃষ্ঠৰ পৰা আকাশমাৰ্গলৈ নিক্ষেপ কৰিব পৰা ‘আকাশ’ মিছাইলৰ সফল পৰীক্ষণ।।
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
আজি ৩০ ছেপ্টেম্বৰ
NE Bharat 24 is the most authentic and boldest news T.V.news platform.
You might also like