আজি ৩ ছেপ্তেম্বৰ

➡️আজি অভিৰুচি ক্ৰীড়া দিৱস।
➡️১৭৮৩ চনৰ ৩ ছেপ্তেম্বৰত পেৰিছত গ্ৰেট ব্ৰিটেইন আৰু আমেৰিকাৰ মাজত এক শান্তি চুক্তি স্বাক্ষৰিত হৈছিল। ইতিহাসত এই চুক্তি ‘পেৰিছ চুক্তি’ নামেৰে প্ৰসিদ্ধ।
➡️১৮১৪ চনৰ আজিৰ দিনটোতে আন্তৰ্জাতিক খ্যাতিসম্পন্ন গণিতজ্ঞ জেম্‌ছ যোছেফ ছিলভেষ্টাৰৰ জন্ম হৈছিল ।
➡️ ১৮৬৬ চনৰ ৩ ছেপ্তেম্বৰত কাৰ্ল মাৰ্ক্সৰ নেতৃত্বত জেনেভাত আন্তৰ্জাতিক শ্ৰমজীৱী সংঘৰ প্ৰথম কংগ্ৰেছ অনুষ্ঠিত হৈছিল ।
➡️বিশিষ্ট স্বাধীনতা সংগ্ৰামী তথা জাতীয়তাবাদী নেতা কমলাপতি ত্ৰিপাঠীৰ জন্ম হৈছিল ১৯০৫ চনৰ আজিৰ দিনটোতে।
➡️১৯৩৬ চনৰ ৩ ছেপ্তেম্বৰত ব্ৰুছেলছত বিশ্ব শান্তি সন্মিলন অনুষ্ঠিত হৈছিল।
➡️১৯৬৯ চনৰ আজিৰ দিনটোতে ভিয়েটনাম বিপ্লৱৰ নেতা হো-চি-মিনৰ মৃত্যু হৈছিল । প্ৰকৃততে হো-চি-মিনৰ মৃত্যু হৈছিল ২ ছেপ্তেম্বৰত। কিন্তু ২ ছেপ্তেম্বৰৰ দিনটো ভিয়েটনামৰ ৰাষ্ট্ৰীয় দিৱস হোৱাত হো- চি-মিনৰ মৃত্যু খবৰ এদিন পিছতহে ঘোষণা কৰা হৈছিল।
➡️১৯৯৮ চনৰ ৩ ছেপ্তেম্বৰত প্ৰাক্তন আইনমন্ত্ৰী সুৰেন্দ্ৰ নাথ মেধিৰ মৃত্যু হৈছিল ।
➡️১৯৯৮ চনৰ আজিৰ দিনটোতে ছুইজাৰলেণ্ডত বিমান দুৰ্ঘটনা সংঘটিত হৈ ২২৯ গৰাকীৰ মৃত্যু হৈছিল ।
➡️শিল্পী ধীৰু ভূঞাৰ মৃত্যু হৈছিল ১৯৯৯ চনৰ আজিৰ দিনটোতে।
➡️২০০২ চনৰ ৩ ছেপ্তেম্বৰত অজান কাৰণত কলকাতাৰ হাস্পতালত ১৪ টি শিশুৰ মৃত্যু হৈছিল।
➡️যোৰহাটৰ ওচৰত সংঘটিত এক পথ দুৰ্ঘটনাত প্ৰতিভাৱান চিত্ৰগ্ৰহণকাৰী মৃণাল কান্তি দাসৰ মৃত্যু হৈছিল ২০০৪ চনৰ ৩ ছেপ্তেম্বৰত।
➡️১৯৩৭ চনৰ ৩ ছেপ্তেম্বৰত উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী অৰ্জুন বঁটা বিজয়ী, দৌৰবিদ ভোগেশ্বৰ বৰুৱাৰ জন্ম হৈছিল। ভোগেশ্বৰ বৰুৱাই ১৯৬৬ চনত বেংকক এছিয়াডৰ ৮০০ মিটাৰ দৌৰত সোণৰ পদক লাভ কৰিছিল। ১৯৬৬ চনত তেওঁ লাভ কৰিছিল অৰ্জুন বঁটা।।

You might also like
Leave A Reply

Your email address will not be published.