১৮৩৬ এছিয়াৰ প্ৰাচীনতম প্ৰকাশন তথা মুদ্ৰণ প্ৰতিষ্ঠান লক্ষ্ণৌৰ ‘নৱল কিশোৰ প্ৰেছ এণ্ড বুক ডিপো’ৰ প্ৰতিষ্ঠাতা মুন্সী ‘নৱল কিশোৰৰ জন্ম।
১৮৮০ প্ৰসিদ্ধ সাময়িক পত্ৰিকা ‘ইলাষ্ট্ৰেটেড উইকলী অব্ ইণ্ডিয়া’ৰ প্ৰথম প্ৰকাশ, মুম্বাইৰ পৰা।
১৮৮৩ ব্ৰিটিছ ৰাজনীতিবিদ ক্লিমেন্ট এট্লিৰ জন্ম।
১৯৪৬ ভাৰতৰ জনসাধাৰণৰ প্ৰবল হেঁচাত দ্বিতীয় মহাসমৰৰ আজাড হিন্দ ফৌজৰ তিনিজন শীৰ্ষ নেতাক মুক্তি। ১৯৪৫ চনৰ পৰা এই তিনিজন নেতা (শ্বাহনাৱাজ খান,কৰ্নেল ধীলন,আৰু কৰ্নেল হবিবুৰ ৰহমান) দিল্লীৰ লালকিল্লাত বিচাৰধীন হৈ আছিল।
১৯৫৮ ছাৰএডমাণ্ড হিলাৰীৰ এভাৰেষ্টৰ দক্ষিণ মেৰুত পদাৰ্পণ।
১৯৯১ এছিয়া কাপৰ ফাইনেলত শ্ৰীলংকাক পৰাস্ত কৰি ভাৰত চেম্পিয়ন।
তান্ত্ৰিক সাধনাৰ বাবে উত্তৰ প্ৰদেশৰ মেঘৰান নামৰ এখন গাঁৱৰ এগৰাকী ৮ বছৰীয়া ছোৱালীক বলি। দেশজুৰি প্ৰতিক্ৰিয়া।
ৰাষ্ট্ৰীয় মৰ্চা আৰু বামপন্থী দলবোৰক লৈ গঠিত সমন্বয় সমিতিৰ প্ৰথমখন বৈঠক দিল্লীত অনুষ্ঠিত। সমিতিৰ আহ্বায়ক এন টি ৰামাৰাও; সদস্য়সকল ক্ৰমে বিশ্বনাথ প্ৰতাপ সিং, হৰিকিষণ সিং সুৰজিৎ আৰু ইন্দ্ৰজিৎ গুপ্ত।
২০০২ ভাৰত- পাকিস্তান প্ৰসংগত ৱাশ্বিংটনত জৰ্জ বুশ্ব আৰু টনী ব্লেয়াৰৰ মাজত আলোচনা।
২০০৩ এদিনীয়া ক্ৰিকেটত অষ্ট্ৰেলিয়াৰ ষ্টিভ ৱ’ৰ ১০,০০০ ৰান সম্পূৰ্ণ।
২০০৫ ৰাষ্ট্ৰীয় সংগীতৰ পৰা ‘সিন্ধ’ শব্দ আঁতৰাবলৈ চৰকাৰলৈ উচ্চ ন্য়ায়লয়ৰ জাননি প্ৰেৰণ।
শ্ৰীলংকাৰ এক ছুনামী আশ্ৰয় শিবিৰত দুগৰাকী গাভৰুক বলাৎকাৰ, বিশ্বজুৰি চাঞ্চল্য়।
২০০৬ ব্ৰহ্মপুত্ৰত শৰৎ চন্দ্ৰ সিংহৰ চিতাভস্ম বিসৰ্জন।
ৰাজ্য় চৰকাৰৰ সাংস্কৃতিক নীতি ঘোষণা।
যোগগুৰু বাবা ৰামদেৱৰ ঔষদ সন্দৰ্ভত স্বাস্থ্য় মন্ত্ৰালয়ৰ বিস্ফোৰক প্ৰতিবেদন। ৰামদেৱৰ ঔষদত মানুহৰ হাঁড়।
ব্ৰিটেইনত নতুন আইনঃ অবিবাহিত দম্পতীয়েও তুলি ল’ব পাৰিব শিশু।
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
আজি ৩ জানুৱাৰী
NE Bharat 24 is the most authentic and boldest news T.V.news platform.
Next Post
You might also like