আজি ৩ ডিচেম্বৰ

➡️আজি বিশ্ব প্ৰতিবন্ধী দিৱস
➡️ ১৮৫৭ চনৰ ৩ ডিচেম্বৰত সাহিত্যিক-নাট্যকাৰ যোছেফ থিঅ’ডৰ কনৰাডৰ জন্ম হৈছিল
➡️ ১৮৮২ চনৰ আজিৰ দিনটোতে ভাৰতৰ প্ৰসিদ্ধ চিত্ৰশিল্পী নন্দলাল বসুৰ জন্ম হৈছিল
➡️ ১৮৮৪ চনৰ ৩ ডিচেম্বৰত স্বাধীন ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি ৰাজেন্দ্ৰ প্ৰসাদৰ জন্ম হৈছিল
➡️ ১৮৮৮ চনৰ আজিৰ দিনটোতেই বিশ্ববিখ্যাত চছমা আৰু বিভিন্ন প্ৰকাৰৰ লেন্স নিৰ্মাতা তথা জাৰ্মান শিল্পপতি কাৰ্ল পাইছৰ মৃত্যু হৈছিল
➡️১৮৮৯ চনৰ আজিৰ দিনটোত বিপ্লৱী, স্বাধীনতা সংগ্ৰামী ক্ষুদিৰাম বসুৰ জন্ম হৈছিল
➡️ ১৯৭১ চনৰ ৩ ডিচেম্বৰত ভাৰত-পাকিস্তানৰ যুদ্ধ আৰম্ভ। ১৬ ডিচেম্বৰত পাকিস্তান সেনাৰ আত্মসমৰ্পন। এই যুদ্ধৰ আৰম্ভণিতে বাংলাদেশে এখন সাৰ্বভৌম গণতান্ত্ৰিক ৰাষ্ট্ৰ ৰূপে স্বীকৃতি লাভ কৰে।
ভাৰত-পাকিস্তান যুদ্ধৰ পৰিপ্ৰেক্ষিতত ভাৰতৰ জৰুৰী অৱস্থা ঘোষণা কৰা হৈছিল
➡️ ১৯৭৫ চনৰ আজিৰ দিনটোতেই লাওছ গণতান্ত্ৰিক ৰাষ্ট্ৰত পৰিণত হৈছিল
➡️ ১৯৭৯ চনৰ আজিৰ দিনটোতেই ভাৰতীয় হকীৰ কিংবদন্তি ধ্যান চান্দৰ মৃত্যু হৈছিল
➡️ ১৯৮২ চনৰ ৩ ডিচেম্বৰত জ্ঞানপীঠ বঁটা বিজয়ী সাহিত্যিক বিষ্ণু দে’ৰ মৃত্যু হৈছিল
➡️ ১৯৮৪ চনৰ আজিৰ দিনটোতেই মধ্য প্ৰদেশৰ ভূপালত কীটনাশক প্ৰস্তুতকাৰক কোম্পানী এটাৰ বিষাক্ত গেছ নিৰ্গত হৈ দহ হাজাৰৰো অধিক লোকৰ মৃত্যু হৈছিল
➡️ ১৯৯০ চনৰ ৩ ডিচেম্বৰত সংযুক্ত জাৰ্মানীৰ প্ৰথম নিৰ্বাচনত হেলমুট কোল প্ৰধান মন্ত্ৰী (চেন্সেলৰ) ৰূপে নিৰ্বাচিত হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.