বিগ-বিৰ KBCৰ মঞ্চত অসমৰ ছাত্ৰীৰ চমক

বিগ-বি অমিতাভ বচ্চনৰ জনপ্ৰিয় অনুষ্ঠান ‘কৌন বনেগা কৌড়ৰপতি’ত জিলিকিল অসমৰ ১৪ বছৰীয়া ছাত্ৰী ৰাজনন্দিনী কলিতা।সম্প্ৰতি অনুষ্ঠানটোত চলি থকা ষ্টুডেন্টছ স্পেচিয়েল উইকত ভাগ ল’বলৈ অহা দেশৰ প্ৰচুৰ মেধাসম্পন্ন ছাত্ৰ-ছাত্ৰীৰ মাজত ৫০ লাখ টকাৰ পুৰস্কাৰ জিকি গুৱাহাটীৰ চাউথ পইন্ট স্কুলৰ ছাত্ৰী ৰাজনন্দিনীয়ে চমক সৃষ্টি কৰাৰ লগতে মেগাষ্টাৰ অমিতাভ বচ্চনৰ ভূয়সী প্ৰশংসা লাভ কৰে।৫০ লাখ টকালৈকে পুৰস্কাৰ জিনাৰ পাছত ১কোটিৰ বাবে বিগ-বিয়ে সোধা এটা কঠিন প্ৰশ্নৰ উত্তৰ দিব নোৱাৰি অনুষ্ঠানৰ পৰা বিদায় ল’লেও নিজকে দেশৰ ৰাষ্ট্ৰপতিৰ ৰূপত কল্পনা কৰি দিয়া ভাষণেৰে বিগ-বিৰ হৃদয় জিনাৰ লগতে জনপ্ৰিয় KBCৰ লাখ লাখ দৰ্শকক আকৰ্ষিত কৰে অসমকণ্যা ৰাজনন্দিনী কলিতাই।।

You might also like
Leave A Reply

Your email address will not be published.