আজি ৩ মাৰ্চ

▶️আজি বুলগেৰিয়াৰ স্বাধীনতা দিৱস।
▶️আজি মৰক্কোৰ ৰাষ্ট্ৰীয় দিৱস।
▶️১৭০৭ চনৰ আজিৰ দিনটোতেই মোগল সম্ৰাট ঔৰংজেৱৰ মৃত্যু হৈছিল। তেওঁৰ পুত্ৰ মোৱজ্জমৰ প্ৰথম বাহাদুৰ শ্বাহ নামেৰে ৰাজপাটত আৰোহণ।
▶️১৮৩৯ চনৰ আজিৰ দিনটোতেই ভাৰতৰ বিশিষ্ট উদ্যোগপতি তথা ‘টাটা আইৰন এণ্ড ষ্টীল কোম্পানী’ৰ প্ৰতিষ্ঠাপক জামছেদজী এন টাটাৰ জন্ম হৈছিল।
▶️১৮৪৭ চনৰ এই দিনটোতেই স্কটলেণ্ডৰ পদাৰ্থ বিজ্ঞানী,টেলিফোনৰ আৱিষ্কাৰক আলেকজেণ্ডাৰ গ্ৰাহামবেলৰ জন্ম হৈছিল।
▶️১৯০৮ চনৰ এই দিনটোতেই বুলগেৰিয়াৰ স্বাধীনতা লাভ।
▶️১৯১৯ চনৰ এই দিনটোতেই মাৰাঠী সাহিত্যিক হৰি নাৰায়ণ আপ্তেৰ মৃত্যু হৈছিল।
▶️১৯৩৭ চনৰ এই দিনটোতেই ঔপন্যাসিক দেৱেন্দ্ৰনাথ আচাৰ্যৰ জন্ম হৈছিল।
▶️১৯৯৩ চনৰ আজিৰ দিনটোতেই মুখেৰে পলিঅ’ ঔষধ সেৱনৰ আৱিষ্কাৰক এলবাৰ্ট ছোবিনৰ মৃত্যু হৈছিল।
▶️১৯৯৫ চনৰ এই দিনটোতেই অসমীয়া দৈনিক বাতৰিকাকত ‘অসমীয়া প্ৰতিদিন’ৰ প্ৰকাশ। প্ৰচলন সংখ্যা ১ লাখ অতিক্ৰম কৰা এইখনেই অসমৰ প্ৰথম বাতৰিকাকত। কাকতখন একে সময়তে গুৱাহাটী,ডিব্ৰুগড়,লখিমপুৰ আৰু বঙাইগাঁৱৰ পৰা প্ৰকাশ হয়।
▶️১৯৯৭ চনৰ আজিৰ দিনটোতেই মেহতা গৱেষণা প্ৰতিষ্ঠানৰ অশোক সেনক বৈজ্ঞানিক গৱেষণাৰ বাবে জি ডি বিৰলা বঁটা প্ৰদান।
▶️২০০১ চনৰ আজিৰ দিনটোতেই বিশ্বজুৰি আফগানিস্তানত তালিবানৰ বুদ্ধ মূৰ্তি ধ্বংসৰ প্ৰতিবাদ-বিক্ষোভ।
▶️২০০২ চনৰ এই দিনটোতেই অন্ধ্ৰপ্ৰদেশৰ পশ্চিম গোদাবৰী জিলাত সংঘটিত এক হেলিকপ্টাৰ দুৰ্ঘটনাত লোকসভাৰ অধ্যক্ষ জি এম ছি বালাযোগীৰ মৃত্যু হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.