পৰীক্ষাত ভাল নম্বৰ নোপোৱাৰ আশংকাত ছাত্ৰীৰ আত্মহত্যা!

নেচনেল ডেস্ক

ৰীক্ষাত ভাল নম্বৰ নোপোৱাৰ আশংকাত ছাত্ৰীৰ আত্মহত্যা!

মণিপুৰ জিলাৰ কিস্নী অঞ্চলৰ বৰুহৰ গাঁৱত জীৱবিজ্ঞান বিষয়ত আশানুৰূপ নম্বৰ নোপোৱাৰ আশংকাত দ্বাদশ শ্ৰেণীৰ এগৰাকী ছাত্ৰীয়ে চিপ লৈ আত্মহত্যা কৰে। আৰক্ষীয়ে জানিবলৈ দিয়া মতে, ছাত্ৰীগৰাকী অৱধেশ যাদৱৰ কন্যা লাভলী যাদৱ। মইনপুৰীৰ জ্ঞান নগৰ গাৱঁৰ স্বামী ত্ৰিজ্যানন্দ ইণ্টাৰ কলেজৰ ছাত্ৰী লাভলীয়ে ২৭ ফেব্ৰুৱাৰীত জীৱবিজ্ঞানৰ পৰীক্ষা ভাল নোহোৱাৰ বাবে চিন্তিত হৈ পৰিছিল। যাৰ বাবে অৱশেষত এই চৰম পদক্ষেপ গ্ৰহণ কৰিলে ছাত্ৰী গৰাকীয়ে ।

You might also like
Leave A Reply

Your email address will not be published.