নাগালেণ্ডৰ বিধানসভা নিৰ্বাচনত ইতিহাস সৃষ্টি!

২০২৩ চনৰ বিধানসভা নিৰ্বাচনত ৰাজ্যখনত প্ৰথমবাৰৰ বাবে নিৰ্বিচিত হয় দুগৰাকীকৈ মহিলা প্ৰাৰ্থী

নৰ্থ-ইষ্ট ডেস্ক:

নাগালেণ্ডৰ বিধানসভা নিৰ্বাচনত ইতিহাস সৃষ্টি! বৃহস্পতিবাৰে ২০২৩ চনৰ বিধানসভা নিৰ্বাচনত ৰাজ্যখনত প্ৰথমবাৰৰ বাবে নিৰ্বিচিত হয় দুগৰাকীকৈ মহিলা প্ৰাৰ্থী। নাগালেণ্ড বিধান সভালৈ নিৰ্বিচিত মহিলা প্ৰাৰ্থী দুগৰাকী ছালহাউটুনুও ক্ৰুছে আৰু হেকানি জাখালুক।দুয়োগৰাকী প্ৰাৰ্থী শাসকীয় নেচনেলিষ্ট ডেম’ক্ৰেটিক প্ৰগ্ৰেছিভ পাৰ্টিৰ। আনহাতে পশ্চিম আংগামী এচিৰ পৰা জয়লাভ কৰে ছালহাউটুওনুও ক্ৰুছে। হেকানি জাখালুৱে দখল কৰে ডিমাপুৰ-তৃতীয় সমষ্টি ।

স্থানীয় হোটেলৰ মালিক ছালহৌটুওনুও ক্ৰুছে প্ৰতিদ্বন্দ্বিতা কৰিছিল নিৰ্দলীয় কেনেইজাখো নাখৰোৰ বিৰুদ্ধে । আনহাতে হেকানি জখলু দিল্লী বিশ্ববিদ্যালয়ৰ স্নাতক আৰু অধ্যাপিকা।।

You might also like
Leave A Reply

Your email address will not be published.