ভয়াৱহ বানপানীৰ কবলত মালয়েছিয়া

ধাৰাষাৰ বৰষুণৰ ফলত সৃষ্টি হোৱা বান পানীত ডুব যায় কেইবাখনো গাঁও আৰু চহৰ

ইণ্টাৰনেচনেল ডেস্ক:

য়াৱহ বানপানীৰ কবলত মালয়েছিয়া। ধাৰাষাৰ বৰষুণৰ ফলত সৃষ্টি হোৱা বান পানীত ডুব যায় কেইবাখনো গাঁও আৰু চহৰ। নাঁৱৰ সহায়ত উদ্ধাৰকাৰীয়ে ঘৰৰ ছাদত আবদ্ধ পৰিয়ালসমূহক উদ্ধাৰ কৰি নিৰাপদ স্থানলৈ লৈ যায়। বানপানীৰ সোঁতে গাড়ীৰ সৈতে এজন লোকক উটুৱাই নিয়াৰ ফলত মৃত্যু হয় লোকজনৰ।

আনহাতে চুবুৰীয়া ৰাষ্ট্ৰ ছিংগাপুৰৰ দক্ষিণৰ জোহৰ ৰাজ্যখনো সন্মুখিন হৈছে যথেষ্ট ক্ষয়-ক্ষতিৰ। প্ৰায় ২৫ হাজাৰ লোকক স্থানান্তৰিত কৰা হৈছে বিদ্যালয় আৰু কমিউনিটি হললৈ। বুধবাৰে মুষলধাৰ বৰষুণৰ ফলত প্লাবিত হয় দেশখনৰ আন পাঁচখন ৰাজ্যও ।।

You might also like
Leave A Reply

Your email address will not be published.