আজি ৪ ডিচেম্বৰ

▶️আজি ভাৰতীয় নৌ-সেনা দিৱস।
▶️১১১২ চনৰ এই দিনটোতেই পাৰস্য(ইৰান)ৰ কবি,গণিতজ্ঞ আৰু জ্যোতিৰ্বিদ ওমৰ খৈয়ামৰ মৃত্যু হৈছিল।
▶️১৭৯৫ চনৰ এই দিনটোতেই ইংৰাজ চিন্তাবিদ তথা সাহিত্যিক টমাছ কাৰ্লাইলৰ জন্ম হৈছিল। ফৰাছী বিপ্লৱৰ বিষয়ে তিনি খণ্ডত বিভক্ত ইতিহাস গ্ৰন্থ ‘ফ্ৰেন্স ৰিভলিউচন’ৰ (১৮৩৭) ৰচয়িতা ৰূপে কাৰ্লাইল প্ৰসিদ্ধ।
▶️১৮২৯ চনৰ আজিৰ দিনটোতেই লৰ্ড বেন্টিংকৰ উদ্যোগত ভাৰতত সতীদাহ প্ৰথা নিষিদ্ধ কৰা হৈছিল।
▶️১৯১০ চনৰ এই দিনটোতেই ভাৰতৰ অষ্টম ৰাষ্ট্ৰপতি ৰামস্বামী ভেংকটৰমণৰ জন্ম হৈছিল।
▶️১৯২১ চনৰ আজিৰ দিনটোতেই কবি-সাহিত্যিক নলিনীধৰ ভট্টাচাৰ্যৰ জন্ম হৈছিল।
▶️১৯৬৭ চনৰ এই দিনটোতেই প্ৰথম ভাৰতীয় ৰকেট ‘ৰোহিণী’ৰ উৎক্ষেপণ।
▶️১৯৯৬ চনৰ এই দিনটোতেই মংগল গ্ৰহ অভিমুখে মাৰ্কিন মহাকাশযান ‘পাথ ফাইণ্ডাৰ’ৰ উৎক্ষেপণ।
▶️১৯৪৫ চনৰ এই দিনটোতেই মাৰ্কিন জীৱ বিজ্ঞানী টমাছ হান্ট মৰ্গানৰ মৃত্যু হৈছিল।
▶️১৯৮১ চনৰ এই দিনটোতেই দিল্লীৰ কুটুবমিনাৰত পদপিষ্ট হৈ ৪৫ গৰাকী লোকৰ মৃত্যু ঘটিছিল।
▶️২০০৪ চনৰ এই দিনটোতেই অসমৰ শিল্পী কিশোৰ কুমাৰ দাসলৈ ললিত-কলা একাডেমী সন্মান।।

You might also like
Leave A Reply

Your email address will not be published.