আছাম ৰাইফলছৰ বৃহৎ সফল অভিযান!

নৰ্থ-ইষ্ট ডেস্ক:

আছাম ৰাইফলছৰ বৃহৎ সফল অভিযান। শনিবাৰে মিজোৰামত দুটা পৃথক অভিযান চলায় বিস্ফোৰক সামগ্ৰী, যুদ্ধসদৃশ ষ্ট’ৰ আৰু বিদেশী মুদ্ৰাসহ আটক কৰে ছয়জন লোক। আটকাধীন ছয়জনৰ চাৰিজন ম্যানমাৰৰ নাগৰিক। এক গোপন সূত্ৰৰ পম খেদি অসম ৰাইফলছৰ জোৱানে সীমান্তৱৰ্তী ছিয়াহা জিলাৰ ব্লক টুইপাঙৰ সমীপত উদ্ধাৰ কৰে বৃহৎ পৰিমানৰ বিস্ফোৰক আৰু যুদ্ধসদৃশ বিশাল ভাণ্ডাৰ । টুইপাঙৰ যান-বাহনৰ চেক-পোষ্টৰ পৰা হাত সাৰিবলৈ চেষ্টা কৰা চীনৰ তিনিখন কেনবো বাইকত বিস্ফোৰক, অস্ত্ৰ-শস্ত্ৰৰ বৃহৎ ভাণ্ডাৰ সৰবৰাহ কৰা সময়তে গ্ৰেপ্তাৰ কৰে চাৰিজন ম্যানমাৰৰ নাগৰিকসহ ছয় জন লোকক । ধৃত লোককেইজনৰ পৰা উদ্ধাৰ কৰে বাৰুদ ২২.৪২ কেজি, ৬০ ৰাউণ্ড .২২ গুলী, তিনিটা বাকচ .১৭৭ পেলেট, এটা .২২ ৰাইফল আৰু টেকটিকেল ভেষ্ট, টেকটিকেল গ্ল’ভছ, কম্বেট ইউনিফৰ্ম আৰু বুটকে ধৰি বিভিন্ন কৌশলগত ষ্ট’ৰ।

আনহাতে, একেখন ছিয়াহা জিলাৰ ব্লক টুইপাঙৰ জাৱংলিঙত আন এক পৃথক অভিযানত আছাম ৰাইফলছে এখন বাহন জব্দ কৰি উদ্ধাৰ কৰে বিপুল পৰিমাণৰ ম্যানমাৰ আৰু ভাৰতীয় মুদ্ৰা। ঘটনা সন্দৰ্ভত দুজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। জব্দ কৰা মুদ্ৰাসমূহৰ ভিতৰত আছে ম্যানমাৰী ৭৩,৪৩,৭০০ কিয়াট ( ২,৮৪,৫৬৮ ভাৰতীয় টকা ) আৰু ভাৰতীয় মুদ্ৰা ২,৩৩,৯১০ টকা।।

You might also like
Leave A Reply

Your email address will not be published.